এটা চাউলত ৰাষ্ট্ৰীয় পতাকা অংকন কৰি অভিলেখ সৃষ্টিৰ লগতে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচত নাম অন্তৰ্ভুক্তি কৰিবলৈ সক্ষম হৈছে মৰাণৰ সমীপৰ বকতাৰ সুকন্যা নাথ নামৰ ছাত্ৰী গৰাকীয়ে।

বকতা নেমুগুৰিৰ অকন নাথ আৰু মৃদুলা দেৱী নাথৰ কন্যা সুকন্যাই শিৱসাগৰ ছোৱালী কলেজত স্নাতক প্ৰথম বাৰ্ষিকত পঢ়াৰ সমান্তৰালভাৱে আচাম ফাইন আটৰ্চ এণ্ড ক্ৰাফট চচাইটিৰো দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰী।

সুকন্যাই অলপতে এটা চাউলত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন অংকন কৰা পাৰদৰ্শিতাৰ বাবে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচে স্বীকৃতি প্ৰদান কৰি ছাত্ৰী গৰাকীৰ নাম অন্তৰ্ভুক্তি কৰিছে।

ইতিমধ্যে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচৰ মুখ্য সম্পাদক ড. বিশ্বৰপ ৰয় চৌধুৰীৰ স্বাক্ষৰিত মানপত্ৰ আৰু মেডেলেৰে ছাত্ৰী গৰাকীক সন্মানিত কৰা হৈছে। চিত্ৰ শিল্পৰ ক্ষেত্ৰত লাভ কৰা এই বিৰল স্বীকৃতিয়ে বকতাৰ লগতে শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply