নিউজ ডেস্কঃ দেশৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত জিলাসমূহত এতিয়াও ২১কোটিতকৈ অধিক ভেকচিন আছে । কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্যত এই বিষয়ে প্ৰকাশ পাইছে।
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্য মতে মুঠ ২১,৬৫,১২,০৩৬ টা অব্যৱহৃত ক’ভিড ভেকছিন বৰ্তমানেও ৰাজ্য সমূহত আছে।
যোৱা ২৪ ঘণ্টাত ছিটাকৰণ অভিযানৰ অধীনত মুঠ ৫১,৫৯,৯৩১ টা ভেকছিন প্ৰদান কৰা হৈছে বুলি এক বিবৃতিত প্ৰকাশ পাইছে।
ইপিনে, স্বাস্থ্যসেৱা কৰ্মীসকলে ভেকছিনৰ মুঠ ১,০৩,৮২,০৩৮ জনে প্ৰথম পালি আৰু ৯৩,৮৯,৭২৮ জনে দ্বিতীয় পালি গ্ৰহণ কৰিছে। আনহাতে স্বাস্থ্য মন্ত্ৰালয়ে লগতে কয় যে, “আগশাৰীৰ ক’ভিড যোদ্ধাসকলৰ মুঠ ১,৮৩,৭৫,৬২০ জনক প্ৰথম পালি ভেকছিন আৰু ১,৬২,৮৬,৩৪৫ জনক দ্বিতীয় পালি ভেকছিন প্ৰদান কৰা হৈছে।
লগতে পঢ়কঃআমেৰিকাৰ ইতিহাসত প্ৰথম গৰাকী মহিলা ৰাষ্ট্ৰপতি ভাৰতীয় মূলৰ কমলা হেৰিছ!
১৮-৪৪ বছৰ বয়সৰ ভিতৰত, বৰ্তমানলৈ মুঠ ৪৪,০৪,৯১,০২৬ জনক ক’ভিড ভেকছিনৰ প্ৰথম পালি আৰু ১৮,৬৭,৫১,৫৫৯ জনক দ্বিতীয় পালিৰ প্ৰদান কৰা হৈছে। ৪৫-৫৯ বয়সৰ মুঠ ১৮,০১,৮৪,৫৪২ জনক প্ৰথম পালি ভেকছিন আৰু ১০,৯৭,৫৬,২৯৫ জনক দ্বিতীয় পালি ভেকছিন প্ৰদান কৰা হৈছে।
৬০ বছৰৰ উৰ্ধৰ মুঠ ১১,২৮,৭৩,৮৪২ জন লোকক ভেকছিনৰ প্ৰথম আৰু ৭,৩৫,৭৮,৩৮০ জনক ভেকছিনৰ দুয়োটা পালি প্ৰদান কৰা হৈছে।