নিউজ ডেস্কঃ ভাৰতত কৰোনা ভাইৰাছৰ সংক্ৰমণ অব্যাহত আছে। অৱশ্যে দেওবাৰৰ তুলনাত এই সংক্ৰমণ কিছু হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সোমবাৰে সদৰি কৰা তথ্যমতে ভাৰতত কৰোনা ভাইৰাছত নতুনকৈ আক্ৰান্ত হৈছে ১৬,১৬৭ জন লোক। ইফালে ভাৰতত বিগত ২৪ ঘন্টাৰ সময়ছোৱাত ৪১ জন কৰোনা আক্ৰান্তৰ মৃত্যু হৈছে।
স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা সদৰি কৰা অনুসৰি সোমবাৰে পুৱা ৮ বজা পৰ্যন্ত সমগ্ৰ ভাৰতত কৰোনাত আক্ৰান্তৰ সংখ্যা ৪,৪১,৬১,৮৯৯ জন হয়গৈ। আনহাতে এতিয়ালৈকে ভাৰতত সুস্থ হৈ উঠিছে ৪,৩৪,৯৯,৬৫৯ জন লোক। বিগত ২৪ ঘন্টাত সুস্থ হৈছে ১৫,৫৪৯ জন। ইয়াৰ লগে লগে ভাৰতত কৰোনা ৰোগৰ পৰা আৰোগ্য লাভৰ হাৰ ৯৮.৫০ শতাংশ হয়গৈ।
ইফালে ভাৰতত কৰোনা সংক্ৰমিত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫,২৬,৭৩০ জনলৈ বৃদ্ধি পাইছে। সম্প্ৰতি সমগ্ৰ দেশত সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যা হৈছে ১,৩৫,৫১০ জন। যিটো মুঠ সংক্ৰমণৰ ০.৩১ শতাংশ। বিগত ২৪ ঘন্টাত ৫৭৭ জন সক্ৰিয় ৰোগী বৃদ্ধি পায়।
উল্লেখ্য যে, বিগত ২০২০ চনৰ ৭ আগষ্টত দেশত কৰোনা সংক্ৰমিত লোকৰ সংখ্যা ২০ লাখ, ২৩ আগষ্টত ৩০ লাখ আৰু ৫ ছেপ্টেম্বৰত ৪০ লাখলৈ বৃদ্ধি পাইছিল। আনহাতে, ১৬ ছেপ্টেম্বৰত সংক্ৰমণৰ মুঠ ঘটনা ৫০ লাখ, ২৮ ছেপ্টেম্বৰত ৬০ লাখ, ১১ অক্টোবৰত ৭০ লাখ, ২৯ অক্টোবৰত ৮০ লাখ আৰু ২০ নৱেম্বৰত ৯০ লাখ সংক্ৰমণৰ সংখ্যা অতিক্ৰম কৰে। একেদৰে দেশত ২০২০ চনৰ ১৯ ডিচেম্বৰত এই সংক্ৰমণৰ পৰিসংখ্যা এক কোটি অতিক্ৰম কৰিছিল। ইয়াৰ উপৰি যোৱা বছৰ (২০২১)ৰ ৪ মে’ত ২ কোটি আৰু ২৩ জুন কৰোনা সংক্ৰমিত ৰোগীৰ সংখ্যা ৩ কোটি অতিক্ৰম কৰিছিল। এই পৰিসংখ্যা চলিত ২০২২ চনৰ ২৬ জানুৱাৰীত চাৰি কোটি অতিক্ৰম কৰে।