নিউজ ডেস্ক : কয়লাৰ নাটনিৰ প্ৰভাৱত দেশত ভয়াৱহ বিদ্যুৎ সংকটে দেখা দিছে। বিগত কেইবা বছৰৰ ভিতৰত প্ৰথমবাৰলৈ দেশত কয়লাৰ ষ্টক সৰ্বনিম্নলৈ নামি আহিছে। দেশৰ বেছিসংখ্যক শক্তি প্ৰকল্পত মাত্ৰ অহা কেইটামান দিনৰ বাবেহে কয়লা মজুত আছে।
পৰিস্থিতিক লৈ আলোচনাৰ বাবে সোমবাৰে গৃহ মন্ত্ৰী অমিত শ্বাহে কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিং, কেন্দ্ৰীয় কয়লা মন্ত্ৰী প্ৰহ্লাদ জোছি আৰু নেশ্যনে থাৰ্মেল পাৱাৰ কৰ্পৰেচন লিমিটেড (NTPC)-ৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এক জৰুৰী বৈঠকত মিলিত হয়।
দিল্লী, অন্ধ্ৰ প্ৰদেশ আদি ৰাজ্যত তীব্ৰ বিদ্যুতৰ সংকটে দেখা দিয়াৰ সময়তে অসমতো একেই পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকা বৃদ্ধি পাইছে।
ইয়াৰ মাজতে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে প্ৰকাশ কৰিছে এক ৰাজহুৱা জাননী। উক্ত জাননীৰ জৰিয়তে APDCL কৰ্তৃপক্ষই পাৱাৰ আউটেজ বা লোডশ্বেডিং হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে।
‘কয়লাৰ নাটনিৰ বাবে তাপশক্তি প্ৰকল্প সমূহত বিদ্যুতৰ উৎপাদন যথেষ্ট হ্ৰাস পাইছে। পৰিস্থিতিলৈ চাই পাৱাৰ আউটেজ বা লোডশ্বেডিং হোৱাটো হোৱাৰ যথেষ্ট সম্ভাৱনা আছে,’ জাননীত কোৱা হয়।

উল্লেখযোগ্য যে ভাৰতৰ মুঠ বিদ্যুৎ উৎপাদনৰ প্ৰায় ৭০ শতাংশ কয়লাৰ ওপৰত নিৰ্ভৰশীল, তিনি-চতুৰ্থাংশ কয়লা ঘৰুৱাভাৱে আহৰণ কৰা হয়।
লগতে পঢ়ক :