নিউজ ডেস্কঃ বিশ্বব্যাপী পুনৰ ঊৰ্ধমুখী হৈছে কৰোনাত আক্ৰান্তৰ সংখ্যা। বিগত কেইদিনমানৰ পৰা ভাৰততো দৈনিক কৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা প্ৰায় ৪১ শতাংশলৈ বৃদ্ধি পাইছে। এদিনতে দেশত নতুনকৈ আক্ৰান্ত হৈছে ৫২৩৩ জন লোক। বিগত ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ৭ জনকৈ লোকৰ।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি কিছুদিন পূৰ্বে ভাৰতত দৈনিক কৰোনা সংক্ৰমণৰ হাৰ আছিল ০.৯১ শতাংশ। বৰ্তমান সংক্ৰমণৰ হাৰ ১.৬২ শতাংশলৈ বৃদ্ধি পাইছে। মহাৰাষ্ট্ৰত কৰোনাৰ দৈনিক প্ৰাদুৰ্ভাৱ প্ৰায় ৭১ শতাংশ বৃদ্ধি পাইছে। যোৱা ২৪ ঘণ্টাত ৰাজ্যখনৰ ১,৮৮১ জন লোক নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত অমিক্ৰনত আক্ৰান্ত ৰোগীও পোৱা গৈছে।

বৰ্তমান ভাৰতত সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যা হৈছে ২৮,৮৫৭ জন। যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ৭ জনৰ। ২৪ ঘণ্টাত সুস্থ হৈ উঠিছে ৩৩৪৫ গৰাকী লোক। দেশত সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যা বৰ্তমান ২৬,৭৫৮ জন৷ যোৱা ২৪ ঘণ্টাত ৩৩৪৫ জন লোক সুস্থ হৈ উঠিছে কৰোনাত।

লগতে পঢ়কঃক্ষেত্ৰীত চোকা অস্ত্ৰসহ আটক দুই দুধৰ্ষ চোৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply