নিউজ ডেস্কঃ কাজিৰঙাত বৃদ্ধি পাইছে ঢেঁকীয়াপতীয়া বাঘৰ সংখ্যা।

 এশিঙিয়া গঁড়ৰ বাবে বিখ্যাত কাজিৰঙাত এতিয়া গঁড়ৰ লগে লগে শোভা বঢ়াইছে ঢেঁকীয়াপতীয়া বাঘেয়ো। কাজিৰঙা ভ্ৰমণ কৰিবলৈ যোৱা পৰ্যটক সকলে প্ৰায়ে উদ্যানখনৰ বিভিন্ন ঠাইত দেখিবলৈ পাইছে ঢেঁকীয়াপতীয়া বাঘ।

শেহতীয়াকৈ ইণ্ডিয়ান ষ্টেট অফ ফৰেষ্টে চলোৱা সমীক্ষাত ভাৰতৰ প্ৰতিখন টাইগাৰ ৰিজাৰ্ভৰ প্ৰতি ১০০ বৰ্গ কিলোমিটাৰ ব্যাসাৰ্ধ এলেকাত ঢেঁকীয়াপতীয়া বাঘৰ ঘনত্ব প্ৰকাশ পাইছে। ইণ্ডিয়ান ষ্টেট অফ ফৰেষ্ট ৰিপৰ্ট ২০২১’ৰ অনুসৰি উত্তৰাখণ্ডৰ জিম কৰবেট টাইগাৰ ৰিজাৰ্ভত প্ৰতি ১০০বৰ্গ কিলোমিটাৰ এলেকাত ১৪টা বাঘৰ অৱস্থিতি পাইছে।

লগতে পঢ়কঃমাজুলী উপ নিৰ্বাচনঃ বিজেপি প্ৰাৰ্থী ভুৱন গামৰ মনোনয়ন দাখিল

কাজিৰঙা টাইগাৰ ৰিজাৰ্ভৰ ১০০ বৰ্গকিলোমিটাৰ এলেকাত চলোৱা অধ্যয়নত  ১৩.০৬ টা বাঘ, ওৰাং টাইগাৰ ৰিজাৰ্ভত ১০.৬২টা, মানাহ টাইগাৰ ৰিজাৰ্ভত ০৩.৩০টা বাঘৰ উপস্থিতি পাইছিল। কাজিৰঙা টাইগাৰ ৰিজাৰ্ভৰ মাটিকালি ১,১৭৩.৫৮বৰ্গকিলোমিটাৰ।

অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ ভিতৰত চলোৱা সমীক্ষা মতে কাজিৰঙাত ১০৪টা, মানাহত ৩১টা, ওৰাঙত ২১টা, নামেৰীত ৩টা বাঘৰ উপস্থিতি পাইছিল।

সমীক্ষাটোত প্ৰকাশ পোৱা মতে সমগ্ৰ দেশৰ ভিতৰত সৰ্বাধিক বাঘ আছে উত্তৰাখণ্ডৰ জিম কৰবেট টাইগাৰ ৰিজাৰ্ভত। ২৩১টা বাঘৰ উপস্থিতি পাইছে ৰাষ্ট্ৰীয় উদ্যানখনত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply