স্প’ৰ্টছ ডেস্ক – ১৩ মাৰ্চত অন্ত পৰিল চতুৰ্থ তথা অন্তিমখন টেষ্ট। ইয়াৰ লগে লগে একেৰাহে চতুৰ্থবাৰলৈ ভাৰতৰ হাতলৈ আহিল ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী আহিল।

অন্তিমখন টেষ্ট ড্ৰ’ হয় যদিও ২-১ ৰ ব্যৱধানত শৃংখলা দখল কৰে ভাৰতে। শৃংখলাটোত ভাৰতে সুন্দৰ প্ৰদৰ্শন কৰিলেও শৃংখলাটোৰ প্ৰত্যেকখন খেলতেই জিলিকিল ভিন ভিন খেলুৱৈ।

ইফালে, চতুৰ্থখন টেষ্টত দমনীয় প্ৰদৰ্শন কৰে বিৰাট কোহলীয়ে। কেৰিয়াৰৰ ২৮ সংখ্যক টেষ্ট শতক আৰু ৭৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কৰে কিং কোহলীয়ে। ভাৰতৰ অন্যতম শ্ৰেষ্ঠ বেটাৰগৰাকীয়ে টেষ্টত ইয়াৰ পূৰ্বে অন্তিমটো শতক অৰ্জন কৰিছিল ২০১৯ চনৰ নৱেম্বৰ মাহত।

আনহাতে, নিউজিলেণ্ড আৰু শ্ৰীলংকাৰ মাজত চলি থকা টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্টত নিউজিলেণ্ডে জয় লাভ কৰাৰ পাছত এতিয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিলে ভাৰত আৰু অষ্ট্ৰেলিয়া। এতিয়া সকলোৰে অপেক্ষা মাথো ফাইনেললৈ।

কিন্তু এই সকলোৰে মাজত ক্ৰীড়াপ্ৰেমীৰ ‍অন্তৰ চুই গ’ল আন এটা সাক্ষাৎকাৰে। এই সাক্ষাৎকাৰ ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক তথা ‘দা ৱাল’ খ্যাত ৰাহুল দ্ৰাবিড় আৰু বেটছমেন বিৰাট কোহলিৰ মাজত আছিল।

খেল শেষ হোৱাৰ পাছত খেলপথাৰতেই দুয়োগৰাকীৰ এটি চমু সাক্ষাৎকাৰ প্ৰকাশ কৰিছিল বি চি চি আইয়ে। সাক্ষাৎকাৰৰ আৰম্ভণিতেই ৰাহুল দ্ৰাবিড়ে বিৰাট কোহলিক কয় যে “এই সাক্ষাৎকাৰৰ বাবে বহু সময় অপেক্ষা কৰিব লগীয়া হ’ল”।

উল্লেখ্য যে,  ৰাহুল দ্ৰাবিড়ে ড্ৰেচিং ৰূমৰ পৰা কোহলিয়ে টেষ্টত শতক অৰ্জন কৰা চাবলৈ প্ৰায় ১৬ মাহ অপেক্ষা কৰিব লগীয়া হৈছিল। অৱশ্যে ৰাহুল দ্ৰাবিড়ে  জনাই যে এই অপেক্ষাৰ অন্ত বহু সুন্দৰ ৰূপত পৰিলক্ষিত হ’ল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply