গুৱাহাটীঃ অৰুণাচল প্ৰদেশত সন্ধানহীন হৈ থকা অসমৰ ১৯জনকৈ শ্ৰমিকৰ উদ্ধাৰ অভিযানৰ দায়িত্ব ভাৰতীয় সেনাক অৰ্পণ কৰাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক আহ্বান জনালে সাংসদ গৌৰৱ গগৈয়ে।

৫ জুলাইৰ পৰা অৰুণাচল প্ৰদেশৰ কুৰুং কামেং জিলাত ইণ্ডো-চীন সীমান্তৰ পৰা ৯০কিমি. নিলগত দুৰ্গম অঞ্চলৰ পৰা সন্ধানহীন হৈছিল অসমৰ শ্ৰমিককেইজন। শ্ৰমিক কেইজন সীমান্তত পথ সংস্থা (BRO)ৰ অধীনত চীন সীমান্তত পথ নিৰ্মাণ কাৰ্যত নিয়োজিত আছিল।

শ্ৰমিককেইজনে কেনেদৰে কি পৰিস্থিতিত সন্ধানহীন হৈছে এই সন্দৰ্ভত একো জানিব পৰা হোৱা নাই বুলি কুৰুং কামেং জিলা প্ৰশাসনে জনাইছে। সম্প্ৰতি জিলা প্ৰশাসনে উক্ত অঞ্চলত উদ্ধাৰ অভিযান চলাই আছে যদিও শ্ৰমিককেইজনৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই।

ইফালে শ্ৰমিক কেইজন সুশৰীৰে ঘৰলৈ উভতি আহিব বুলি অপেক্ষা কৰি আছে শ্ৰমিক কেইজনৰ পৰিয়ালৰ লোকে। আজি সাংসদ গৌৰৱ গগৈয়ে ভাৰতীয় সেনাৰ নেতৃত্বত শ্ৰমিক কেইজনৰ উদ্ধাৰ অভিযান ক্ষীপ্ৰ কৰি তুলিবলৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক আহ্বান জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply