নিউজ ডেস্ক : ভাৰতীয় সেনাবাহিনী(Indian Army)ত মুকলি হৈছে চাকৰি লাভৰ সোণালী সুযোগ৷ অর্হতাসম্পন্ন অবিবাহিত পুৰুষ–মহিলা উভয় শ্রেণীৰ প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় কর্তৃপক্ষই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷
প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি SSC (57th Short Service Commission-(Tech)-Men, 28th Short Service Commission (Tech)-Women আৰু Widows of Defence Personnel for Tech & Non-Tech (Non-UPSC)ৰ অধীনত বিষয়াৰ ১৯১ পদ পূৰণ কৰা হ’ব৷
মুঠ খালী পদ ১৯১টাৰ ভিতৰত (SSC Technical) শিতানৰ Civil/Building Construction Technology (60), Architecture (1), Mechanical (5), Electrical/Electrical & Electronics (8), Electronics (2), Computer Science & Engineering/Computer Technology/M.Sc. Computer Science (31), Information Technology (12), Electronics & Telecommunication (5), Telecommunication (4), Electronics & Communication (5), Satellite Communication (3), Micro Electronics & Microwave (3), Aeronautical/Aerospace/Avionics (6), Electronics & Instrumentation/Instrumentation (4), Automobile Engineering (3), Production (3), Industrial/Manufacturing/Industrial Engineering & MGT (6), Opto Electronics (3), Fibre Optics (2), Bio Technology (1), Ballistics Engineering (1), Rubber Technology (1), Chemical Engineering (1), Workshop Technology (3), Laser Technology (2) পদ পূৰণ কৰা হ’ব৷
আনহাতে SSCW (Tech) শিতানৰ Civil/Building Construction Technology (5), Mechanical (1), Electrical/Electrical & Electronics (1), Computer Science & Engineering/Computer Technology/M.Sc. Computer Science (4), Information Technology (2), Aeronautical/Aerospace/Avionics (1) পদ পূৰণ কৰা হ’ব৷
লগতে পঢ়ক : তাহাদেৰ কথাৰ স্ৰষ্টা বিশিষ্ট চলচ্চিত্ৰ পৰিচালক, কবি বুদ্ধদেব দাশগুপ্তৰ মৃত্যু
Widows of Defence Personnel শিতানৰ দুটা পদ পূৰণ কৰা হ’ব৷ ইয়াৰে ১টা পদ SSC (W) Tech বিভাগত আৰু SSC (W) (Non-Tech) (Non UPSC) বিভাগত ১টা পদ পূৰণ কৰা হ’ব৷
SSC (Tech-Men) আৰু SSCW (Tech-Women) পদৰ প্রার্থীৰ ১ অক্টোবৰ ২০২১ লৈ বয়স ২০–২৭ বছৰৰ ভিতৰত হ’ব লাগিব৷ প্রার্থীৰ জন্ম ২ অক্টোবৰ ১৯৯৪ আৰু ১ অক্টোবৰ ২০০১ মাজত হোৱা হ’ব লাগিব৷ আনহাতে, Widows of Defence Personnel পদৰ প্রার্থীৰ বয়স ১ অক্টোবৰ ২০২১ লৈ সর্বোচ্চ ৩৫ বছৰ৷ SSCW (Non-Tech) পদৰ প্রার্থী যিকোনো শাখাৰ স্নাতক ডিগ্রীধাৰী হ’ব লাগিব৷
আনহাতে,SSCW (Tech) পদৰ প্রার্থী বিই/বি–টেক ডিগ্রীধাৰী হোৱাটো বাঞ্ছনীয়৷ প্রশিক্ষণৰ সময়ছোৱাত নিযুক্তিপ্রাপ্তই ১২,৯০৮ টকা লাভ কৰিব৷ প্রশিক্ষণ সমাপ্ত হোৱাৰ পিছত নিযুক্তিপ্রাপ্তই Lieutenant, Caption, Major, Lt. Colonel, Colonel (TS), Colonel, Brigadier, Major General, Lt. General/ HAG Scale, Hag+Scale (Admissible to 1/3rd of total strength of Lt. Generals), VCOAS/army Cdr/Lt Gen (NFSG), COAS পদলৈ পদোন্নতি লাভ কৰিব৷
দৰমহাৰ নিৰিখ ক্রমে ৫৬,১০০–১,৭৭,৫০০ টকা, ৬১,৩০০–১,৯৩,৯০০ টকা, ৬৯,৪০০–২,০৭,২০০ টকা, ১,২১,২০০–২,১২,৪০০ টকা, ১,৩০,৬০০–২,১৫,৯০০ টকা, ১,৩৯,৬০০–২,১৭,৬০০ টকা, ১,৪৪,২০০–২,১৮,২০০ টকা, ১,৮২,২০০–২,২৪,১০০ টকা, ২,০৫,৪০০–২,২৪,৪০০ টকা, ২,২৫,০০০ টকা, ২,৫০,০০০ টকা৷
আগ্রহীসকলে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ভাৰতীয় সেনাবাহিনীৰ ৱেবছাইট www.joinindianarmy.nic.in লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ২৩ জুন ২০২১৷
বিভাগীয় বিজ্ঞাপন চাবলৈ ইয়াত ক্লিক কৰক।