গুৱাহাটীঃ দেওবাৰে ঘোষণা হ’ল ঘোষণা হ’ল অসম আৰক্ষীৰ বৃহৎ নিযুক্তিৰ ফলাফল। ভাৰতীয় সেনাই অসম আৰক্ষীৰ পাঁচটা নতুন কমাণ্ডো বেটেলিয়নত নিযুক্তি লাভ কৰা সকলক প্ৰশিক্ষণ দিব। দেওবাৰে আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) ভাস্কৰ জ্যোতি মহন্তই এই সন্দৰ্ভত অৱগত কৰে।
ভাস্কৰ জ্যোতি মহন্তই কয় যে মে’ মাহত নিযুক্তি লাভ কৰা ৭০৭ গৰাকী মহিলাসহ ৫,২০০ গৰাকী প্ৰাৰ্থীক অসম আৰক্ষীৰ ছয়টা শাখাৰ খালী পদ পূৰণৰ বাবে বাছনি কৰা হৈছে। তেওঁলোকৰ মুঠ ২,৭২০ জনক পাঁচটা কমাণ্ডো গোটৰ বাবে উপ-পৰিদৰ্শক আৰু কনিষ্টবল হিচাপে বাছনি কৰা হৈছে।
“যিহেতু আমাৰ সকলো বিদ্যমান প্ৰশিক্ষণ কেন্দ্ৰ বৰ্তমান নতুন নিযুক্তিৰ প্ৰশিক্ষণত অধিকৃত হৈ আছে, গতিকে আমি ভাৰতীয় সেনাৰ সৈতে আলোচনা কৰিছিলো আৰু আমাৰ নতুন কমাণ্ডোসকলক প্ৰশিক্ষণ প্ৰদান কৰাৰ ক্ষেত্ৰত সন্মত হৈছে। সেনা প্ৰশিক্ষকসকলে নতুন কমাণ্ডোসকলক প্ৰশিক্ষণ প্ৰদান কৰিব” । ডিজিপিয়ে গৰাকীয়ে উল্লেখ কৰে।
মহন্তই কয় যে শেহতীয়াকৈ অৱসৰ গ্ৰহণ কৰা ভাৰতীয় সেনাৰ এজন ব্ৰিগেডিয়াৰক ইতিমধ্যে নতুন কমাণ্ডোসকলৰ প্ৰশিক্ষণত সহায় কৰিবলৈ অসম আৰক্ষী এজন বিশেষ উপ মহাপৰিদৰ্শক (ডিআইজি) হিচাপে নিযুক্তি দিয়া হৈছে।
অসম চৰকাৰে ৰাজ্যিক আৰক্ষীৰ বাবে পাঁচটা নতুন কমাণ্ডো বেটেলিয়ন আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল। এই বেটেলিয়নসমূহৰ বাবে নিযুক্তি প্ৰক্ৰিয়া আন বিভাগৰ বাবে বাছনি কৰা সকলৰ তুলনাত অধিক কঠোৰ আছিল বুলিও ডিজিপি গৰাকীয়ে উল্লেখ কৰে।
পাঁচটা নতুন কমাণ্ডো বেটেলিয়ন স্থাপনৰ বাবে ইতিমধ্যে ভূমি বাছনি কৰা হৈছে বুলিও ভাস্কৰজ্যোতি মহন্তই উল্লেখ কৰে।