“বিগত চাৰি পাছবছৰ মান আগৰে পৰা এই ৰমৰমীয়া বেহা চলি আছে৷ সম্প্ৰতি খুচুৰা পইচা বহু পৰিমানে কমি গৈছে৷ খুচুৰা পইচাসমূহ ওজন কৰি বিক্ৰী কৰে৷ তেওঁলোকে এইবোৰ গুৱাহাটীলৈ পঠিয়াম বুলি আভুৱা ভাৰে, আচলতে এই সকলোবোৰ বাংলাদেশলৈ প্ৰেৰণ কৰে৷ চৰকাৰী প্ৰসাশনে কোনো ধৰণৰ বাধা নিদিয়াৰ বাবে মুদ্ৰা সৰবৰাহ কাৰ্য দুগুন উৎসাহেৰে চলি আছে সীমান্ত অঞ্চলত।”
ভাৰত – বাংলা সীমান্তৰ পৰা ৰাজীৱ অগস্তি – এয়া কোনো জুৱা বা লটাৰী খেল নহয়৷ পইচা দুগুনৰ পৰা পাচগুণ পৰ্যন্ত হোৱা এক সাংঘাটিক বেহা৷ যি বেহাৰ কথা শুনিলে আপুনি হয়টো বিশ্বাস কৰিব নোৱাৰিব৷ আপুনি বিশ্বাস নকৰিলেও, এই সংঘাটিক বেহা চলি আছে অসমভূমিৰ পৰা৷ যাৰ ফলতেই দিনক দিনে ভাৰত বাংলাদেশ সীমান্তত চপৰা চপৰে খহিছে ভাৰতীয় অৰ্থনীতি৷
গৰু সৰবৰাহৰ বাবে সংবাদ শিৰোনাম দখল কৰা ধুবুৰীত কিন্ত সমান্তৰালভাবে চলি আছে ভাৰতীয় মুদ্ৰা সৰবৰাহৰ বেহা৷ এক দুষ্ট চক্ৰই ধুবুৰীৰ সীমান্ত অঞ্চলৰ পৰা বস্তাই বস্তাই ভাৰতীয় পাচ টকীয়া আৰ এটকীয়া মুদ্ৰা সংগ্ৰহ কৰি পশ্চিম বংগৰ উন্মুক্ত সীমান্তৰে বাংলাদেশলৈ সৰবৰাহ কৰে৷
সাধাৰণতে প্ৰশ্ন হয় বাংলাদেশত কি কৰা হয় ভাৰতীয় মুদ্ৰা৷ ধুবুৰীৰ ভাৰত বাংলা সীমান্তৱৰ্তী সত্ৰশালৰ ক্ষুদ্ৰ ব্যৱসায়ী নিৰুপদ বৰ্মনে উল্লেখ কৰা অনুসৰি তেওঁ খুচুৰা পইচা বিশেষকৈ এটকীয়া আৰু পাচটকীয়া মুদ্ৰা দিবলে যুগুত কৰি ৰাখিছিল তেওঁৰ পৰা মুদ্ৰা ক্ৰয় কৰিলে কথাটো প্ৰচাৰ হব পাৰে বুলি তেওঁৰ ওচৰলে কোনো নাহিল৷ লগতে তেওঁ স্পষ্টভাৱে সদৰী কৰে যে এই মুদ্ৰা সমূহেৰে বাংলাদেশত ব্লেড প্ৰস্তুত কৰা হয়৷ এটকীয়াৰ পৰা প্ৰায় ৭ খন আৰু পাচটকীয়াৰ পৰা ১০ পৰা ১৫ খন ব্লেড প্ৰস্তুত কৰা হয় বাংলাদেশৰ কাৰখানাত৷
পাচ টকীয়া মুদ্ৰাৰ পৰা বাংলাদেশত আয় হয় ৩০ টকাৰ পৰা ৪৫ টকা৷ এটকীয়া মুদ্ৰাৰ পৰা হয় ২০ টকা৷ আজিলৈ এই সন্দৰ্ভত কোনো প্ৰতিৰোধৰ ব্যবস্থা নল’লে ভাৰত চৰকাৰ কিম্বা ৰাজ্য চৰকাৰে ৷ উল্লেখ্য যে ধুবুৰীৰ মহাজন আৰু সৰু সৰু দোকানবোৰৰ পৰা এই মুদ্ৰা সংগ্ৰহ কৰি পঠোৱা হয় পশ্চিম বংগলৈ আৰু পশ্চিম বংগৰ পৰাই কোনো বাধা নোহোৱাকৈ সৰবৰাহ হয় বাংলাদেশলৈ ৷
সীমান্ত চেতনা মঞ্চৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা ধুবুৰী সত্ৰশাল নিবাসী বাবলু কুমাৰ ৰয়ে সদৰী কৰি কয়, “ধুবুৰীৰ সত্ৰশালৰ গাতে লাগি আছে পশ্চিম বংগ আৰু এই পশ্চিমবঙ্গ পৰা প্ৰায় ৫০০ গজ মান আঁতৰতে আছে বাংলাদেশ সীমান্ত ৷ পশ্চিমবঙ্গৰ বালাভুট বিষ্টুপুৰ ছিতলকুছী নেপালৰ খুটি আদি অঞ্চলত নাই কোনো কাইটীয়া তাঁৰৰ বেৰ৷ আনহাতে এই অঞ্চলসমূহত ১০-১২ জন সীমা সুৰক্ষা বল চমুকৈ বিএছএফ জোৱানে নিয়ন্ত্ৰণ কৰিব নোৱাৰে৷ যাৰ ফলত এই এলেকাৰে অতি সহজে চলি আছে মুদ্ৰা সৰবৰাহ৷”
ৰামৰাইকুটীৰ ১০০১ নং পোষ্টৰ পৰা ১০১৪ নং পোষ্টলৈ ধুবুৰী সীমান্ত এই অঞ্চলত শেহতীয়াকৈ এই মুদ্ৰা সৰবৰাহ হ্ৰাস পাইছে যদিও এই কাম বহু পৰিমাণে নিয়ন্ত্ৰণ হৈছে৷ এই কামবোৰ উন্মুক্ত নদী পথেৰেও হয়৷ কাৰণ এই অঞ্চলসমূহত নাই কোনো ফেঞ্চিং৷ সম্প্ৰতি ঘাইপথ সমূহত কোনো নিৰীক্ষণ চকী নথকাৰ বাবে মহাজনসকলে সামগ্ৰী ক্ৰয় কৰা চলেৰে বাহনেৰে অতি সহজে মুদ্ৰাবোৰ সৰবৰাহ কৰি আছে ৷
সীমান্ত চেতনা মঞ্চৰ আন এগৰাকী বিষয়ববীয়া ৰামচন্দ্ৰ নাথ দাসে কৰা অভিযোগ অনুসৰি, “বিগত চাৰি পাছবছৰ মান আগৰে পৰা এই ৰমৰমীয়া বেহা চলি আছে৷ সম্প্ৰতি খুচুৰা পইচা বহু পৰিমানে কমি গৈছে৷ খুচুৰা পইচাসমূহ ওজন কৰি বিক্ৰী কৰে৷ তেওঁলোকে এইবোৰ গুৱাহাটীলৈ পঠিয়াম বুলি আভুৱা ভাৰে, আচলতে এই সকলোবোৰ বাংলাদেশলৈ প্ৰেৰণ কৰে৷ চৰকাৰী প্ৰসাশনে কোনো ধৰণৰ বাধা নিদিয়াৰ বাবে মুদ্ৰা সৰবৰাহ কাৰ্য দুগুন উৎসাহেৰে চলি আছে সীমান্ত অঞ্চলত যাৰ ফলত ক্ষতি হৈছে ভাৰতীয় অৰ্থনীতি৷”
এই সমগ্ৰ বিষয়টো ধুবুৰী আৰক্ষীক সোধা হৈছিল আৰু তেওঁলোকে এই বিষয়টো তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিব বুলি সদৰী কৰে ৷