গুৱাহাটী : ভাৰতীয় চিকিৎসক সন্থাৰ অসম ৰাজ্যিক শাখাৰ এটা প্রতিনিধি দলে শনিবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক তেখেতৰ জনতা ভৱনস্থিত কার্যালয়ত সাক্ষাৎ কৰি চিকিৎসকসকলৰ কল্যাণ বিশেষকৈ কৰ্তব্যৰত চিকিৎসকৰ সুৰক্ষাৰ বিষয়কে ধৰি বিভিন্ন বিষয় আলােচনা কৰে। সংস্থাৰ সভাপতি ডাঃ সত্যজিৎ বৰাৰ নেতৃত্বত অহা প্রতিনিধি দলটোৱে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক হােজাইত অলপতে ক’ভিড চিকিৎসা সেৱা প্ৰদানৰ দৰে কৰ্তব্যত নিয়ােজিত থকা অৱস্থাত ডাঃ সেউজ কুমাৰ সেনাপতিক আক্রমণ কৰা ঘটনাটোৰ সময় সাপেক্ষ কাৰ্যব্যৱস্থা গ্রহণ কৰাৰ বাবে বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰাৰ উপৰি মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত ক্ষিপ্র ন্যায় প্রদানৰ আশ্বাস প্রদানৰ বাবেও ধন্যবাদ জ্ঞাপন কৰে।

সাক্ষাৎ কালত প্রতিনিধি দলটোৱে সংস্থাৰ বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰও মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই তেওঁলােকৰ ন্যায্য দাবীসমূহ পূৰণ কৰাৰ আশ্বাস প্রদান কৰাৰ লগতে চিকিৎসক তথা চিকিৎসা কর্মীৰ সুৰক্ষাৰ দিশত ৰাজ্য চৰকাৰে সকলােধৰণৰ পদক্ষেপ গ্রহণ কৰিব বুলি কয়। প্রতিনিধি দলটোৱে প্রতিবছৰে ডাঃ ভুৱনেশ্বৰ বৰুৱাৰ নামেৰে চিকিৎসা বৃত্তিত নিয়ােজিত চিকিৎসকসকলক উৎকর্ষতাৰ দিশত এক বঁটা প্ৰদানৰ পদক্ষেপ ল’বলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক অনুৰােধ জনায়।

আৰু পঢ়কঃ যমুনামুখত নিচাজাতীয় দ্রব্যসহ ড্ৰাগছ সৰবৰাহকাৰী আটক

সাক্ষাৎ কালতে প্রতিনিধি দলটোৱে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১ লাখ টকাৰ বৰঙনিৰ এখন চেক মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰে। মুখ্যমন্ত্ৰীয়ে এই বৰঙনি আগবঢ়োৱাৰ বাবে সস্থাটোক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেওঁলােকৰ এই সদিচ্ছাই ক’ভিড-১৯ ৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে চলাই থকা যুঁজখন অধিক শক্তিশালী কৰিব বুলি কয়। উল্লেখ্য যে ইয়াৰ পূর্বে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই হােজাইত সংঘটিত আক্ৰমণৰ ঘটনাত আঘাতপ্রাপ্ত হৈ বর্তমানে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা ডাঃ সেউজ কুমাৰ সেনাপতিৰ স্বাস্থ্যৰ বুজ লয়।সাক্ষাৎ কালতে মুখ্যমন্ত্ৰীয়ে চিকিৎসকগৰাকীৰ মাতৃ তথা পৰিয়ালৰ অন্যান্য সদস্যসকলৰ সৈতে মত-বিনিময় কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply