গুৱাহাটীঃ এগৰাকী চিকিৎসকৰ আত্মহত্যাক কেন্দ্ৰ কৰি ইণ্ডিয়ান মেডিকেল এছ’চিয়েছনৰ দেশজুৰি প্ৰতিবাদ। এই সন্দৰ্ভত ইণ্ডিয়ান মেডিকেল এছ’চিয়েছনৰ অসম ৰাজ্যিক শাখাই সংবাদমেল আয়োজন কৰে।

কিছুদিন পূৰ্বে ৰাজস্থানত অৰ্চনা শৰ্মা নামৰ এগৰাকী চিকিৎসকে প্ৰসূতি এগৰাকীৰ অস্ত্ৰোপচাৰ কৰোতে প্ৰসূতি গৰাকীৰ মৃত্যু হৈছিল। ইয়াৰ পিছতে চিকিৎসক গৰাকীৰ বিৰোধী ৩০২ ধাৰাত গোচৰ ৰুজু কৰা হৈছিল।

চিকিৎসা প্ৰদান কৰোতে ৰোগীৰ মৃত্যু হোৱাত চিকিৎসা গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাত চিকিৎসা গৰাকীয়ে আত্মহত্যাৰ পথ বাছি লৈছিল।

ইয়াৰ বিৰুদ্ধে আজি দেশজুৰি ইণ্ডিয়ান মেডিকেল এছোচিয়েচনে প্ৰতিবাদ সাব্যস্ত কৰিছে। ইণ্ডিয়ান মেডিকেল এছোচিয়েচনৰ অধীনত চিকিৎসক সকলে ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। অসমতো চিকিৎসক সকলে প্ৰতিবাদ সাব্যস্ত কৰি এই ঘটনাত তীব্ৰ গৰিহণা দিছে।

অনাগত দিনত চিকিৎসক সকলৰ ক্ষেত্ৰত যাতে এনে ধৰণ ঘটনাৰ পুনৰাবৃত্তি নহয় ইয়াৰ বাবে চিকিৎসক সকলে চিকিৎসক সকলৰ সুৰক্ষাৰ দাবীত এক কঠোৰ আইনৰ দাবী জনাইছে।

এই ক্ষেত্ৰত চৰকাৰে গুৰুত্ব প্ৰদান নকৰিলে চিকিৎসক সকলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply