নিউজ ডেস্ক: বিশ্ব গঁড় দিৱস উপলক্ষে বৃহস্পতিবাৰে ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেড চমুকৈ IOCL-এ গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানাৰ দুটা গঁড়ৰ পালন-পোষণৰ দায়িত্ব গ্ৰহণ কৰে।

IOCL-ৰ মুখপাত্ৰ জয়ছোৱাল কুলদীপে এই কথা জানিবলৈ দি কয় যে ইয়াৰ পূৰ্বে তেল কোম্পানীটোৱে চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত ৬টা গঁড়ৰ পালন-পোষণৰ দায়িত্ব গ্ৰহণ কৰিছিল।

এই উপলক্ষে কালি অনুষ্ঠিত অনুষ্ঠানটোত উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ সচিব ড০ এছ লক্ষ্মণন, অসম ৰাজ্যিক চিৰিয়াখানা তথা বটানিকেল গাৰ্ডেনৰ বিভাগীয় বন বিষয়া অশ্বিনী কুমাৰ, ডি পি বিদ্যাৰ্থী (চিজিএম-এলপিজি), কে মোহন (জিএম-আইবি) আৰু ইণ্ডিয়ান অইলৰ জিএম-এইচআৰ উৎপল চৌধুৰী উপস্থিত থাকে।

অনুষ্ঠানত ডি পি বিদ্যাৰ্থীয়ে চিৰিয়াখানা কৰ্তৃপক্ষক ২ লাখ টকাৰ চেক প্ৰদান কৰে।

অনুষ্ঠানত IOCL-ৰ অধ্যক্ষ এছ এম বৈদ্যই কয় যে ৰাজহুৱা খণ্ডৰ এক মুখ্য উদ্যোগ হিচাপে ইণ্ডিয়ান অইলে পৰিৱেশ সুৰক্ষাক অন্যতম মূল প্ৰতিশ্ৰুতি হিচাপে পালন কৰি আহিছে। ইয়াৰ অংশ হিচাপে যোৱা বছৰ ছেপ্টেম্বৰত প্ৰতিষ্ঠানটোৱে গঁড়ক ইয়াৰ প্ৰতীক হিচাপে মুকলি কৰিছিল বুলি তেওঁ লগতে জনায়।

ইয়াৰ উপৰি শেহতীয়াকৈ নামিবিয়াৰ পৰা ভাৰতলৈ অনা কৰা চিতাবাঘৰ হস্তান্তৰৰ ক্ষেত্ৰতো IOCL-এ ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ কৰ্তৃপক্ষৰ (এন.টি.চি.এ.) সৈতে সহযোগিতা কৰিছিল।

লগতে পঢ়ক – চিকিৎসকৰ গাফিলতিৰ বাবেই পুনৰ ৰোগীৰ মৃত্যু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply