গুৱাহাটীঃ সোমবাৰৰ পৰা গুৱাহাটীত আৰম্ভ হ’ব ইণ্ডিয়ান অইলৰ প্ৰথমখন ক্ৰীড়া সন্মিলন। ‘LAKSHYA — IndianOil Athletics Meet’ শীৰ্ষক এই সন্মিলন ২৬ আৰু ২৭ ছেপ্টেম্বৰত ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। ইয়াত অইলৰ বিভিন্ন বিভাগৰ পৰা প্ৰায় ৪০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব।
ইণ্ডিয়ান অইলৰ গুৱাহাটী শোধনাগাৰৰ দ্বাৰা আয়োজিত এই বৈঠকখন কোম্পানীৰ অধ্যক্ষ শ্ৰীকান্ত মাধৱ বৈদ্যই উদ্বোধন কৰিব।
দুদিনীয়াকৈ অনুষ্ঠিত এই বৈঠকত refineries, marketing, pipelines আৰু research and developmentকে সামৰি ইণ্ডিয়ান অইলৰ বিভিন্ন বিভাগৰ দলসমূহে অংশগ্ৰহণ কৰিব ।
বিভিন্ন বিভাগৰ পৰা ২৭ টা দলৰ মুঠ ৩৮৪ জন খেলুৱৈয়ে ১,৫০০ মিটাৰ, ১০০ মিটাৰ, ২০০ মিটাৰ, ৪০০ মিটাৰ আৰু ৮০০ মিটাৰ ট্ৰেক ইভেণ্ট, হাই জাম্প, শ্বট পুট, ট্ৰিপল জাম্প, লং জাম্প আৰু ডিচকাছ থ্ৰ’ৰ দৰে ১৭ টা ইভেণ্টত অংশগ্ৰহণ কৰিব।
“পুৰুষ,মহিলা, প্ৰবীণ (পুৰুষ) আৰু প্ৰবীণ (মহিলা)কে ধৰি চাৰিটা শাখাত খেলুৱৈসকলে প্ৰতিদ্বন্দিতা কৰিব।
গুৱাহাটী শোধনাগাৰক ক্ৰীড়া সমাৰোহ আয়োজনৰ বাবে অসম এথলেটিক এছ’চিয়েশ্যন, গুৱাহাটীয়ে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে।