নিউজ ডেস্কঃ তেজপুৰ বিশ্ববিদ্যালয়ত ৪ জুনৰ পৰা ৬ জুনলৈকে আয়োজিত হ’ব ধাৰা শীৰ্ষক ভাৰতীয় পৰম্পৰাগত কৃষি মেলা তথা ৰাষ্ট্ৰীয় কৃষি সন্মিলন। ভাৰতত বিদ্যমান সমৃদ্ধ আৰু জ্ঞান ভিত্তিক প্ৰাচীন ভাৰতীয় পৰম্পৰাগত কৃষিৰ সম্পর্কত সজাগতা সৃষ্টি আৰু ভাৰতীয় পৰম্পৰাগত কৃষিৰ বৌদ্ধিক সম্পদ সম্পর্কত জনসাধাৰণৰ পৰিচয় ঘটোৱাটোৱেই ‘আজাদী কা অমৃত মহোৎসৱ’ উদযাপনৰ অংশ স্বৰূপে আয়োজিত এই অনুষ্ঠানৰ উদ্দেশ্য ৷ 

অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট আৰু কটন বিশ্ববিদ্যালয়, গুৱাহাটীয়েও সহযোগী অনুষ্ঠানৰ ভূমিকা গ্ৰহণ কৰা এই সন্মিলন ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয় আৰু সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্থ এক উদ্ভাৱনী কোষ Indian Knowledge Systems (IKS)ৰ সহযোগত উদযাপিত হ’ব ৷

সন্মিলনখনিৰ আয়োজন সন্দর্ভত তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শম্ভু নাথ সিঙে উল্লেখ কৰে যে- “এই ধাৰা সন্মিলন হৈছে কৃষক, বিজ্ঞানী, নীতি নিৰ্ধাৰক, উদ্যোগ বিশেষজ্ঞ আৰু কৃষি অনুৰাগীসকলক একত্ৰিত কৰি পাৰস্পৰিক ধ্যান-ধাৰণা, জ্ঞান, অভিজ্ঞতাৰ আদান-প্ৰদানৰ বাবে ভাৰতৰ সমৃদ্ধিশালী কৃষি ঐতিহ্য প্ৰদৰ্শনৰ এক মঞ্চ। 

লগতে তেওঁ কয় যে- ‘‘এই অনুষ্ঠানৰ লক্ষ্য হৈছে- সম্প্ৰতি কৃষি খণ্ডই সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰা আৰু আত্মনির্ভৰ কৃষি-ব্যৱস্থা গঢ়ি তোলাৰ বাবে সম্ভাৱনীয়তাৰ অন্বেষণ কৰা ।”

তিনিদিনীয়া কার্যসূচীৰে আয়োজিত হ’ব লগা সন্মিলনখনিত পেনেল আলোচনা,ইন্টাৰেক্টিভ কৰ্মশালা, প্ৰদৰ্শনী, ক্ষেত্ৰ প্ৰদৰ্শন,ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা আদিকে ধৰি বিভিন্ন ধৰণৰ কাৰ্যসূচী অর্ন্তভুক্ত হ’ব ৷ তিনিওটা দিনৰ কার্যসূচীত উপস্থিত থাকি দেশৰ প্ৰখ্যাত কৃষি বিশেষজ্ঞ, বিজ্ঞানী আৰু নীতি নিৰ্ধাৰকসকলে বহনক্ষম সম্পদ ব্যৱস্থাপনাৰ বাবে ভাৰতীয় জ্ঞান, কৃষি ভিত্তিক উদ্যোগীকৰণ, পশুধন আৰু খাদ্য সুৰক্ষা ইত্যাদি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰিব। 

এই সন্মিলনখনিত অসম চৰকাৰৰ কৃষি মন্ত্ৰী গৰাকীৰ লগতে ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয় , সাংস্কৃতিক মন্ত্ৰালয়, ভাৰতীয় জ্ঞান ব্যৱস্থা (IKS)ৰ প্ৰতিনিধি কর্মকর্ত্তা সকলেও অংশ গ্ৰহণ কৰিব ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply