গুৱাহাটীঃ এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল এখন যাত্ৰীবাহী বিমান। উৰণৰ সময়ত ৰাণৱে পৰা পিছলি পৰিল যোৰহাটৰ পৰা কলকাতা অভিমুখী এখন যাত্ৰীবাহী বিমান।
বিমান কৰ্তৃপক্ষৰ ফালৰ পৰা দিয়া বিবৃতি অনুসৰি,’IndiGo flight 6E-757 বিমানখন উৰণৰ সময়তে বিমানখনৰ মূল চকা দুটা ৰাণৱেৰ পৰা পিছলি ঘাঁহনিত সোমাই গৈছিল।’
ঘটনাটো বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় ২:২০ বজাত সংঘটিত হৈছিল। ৯০ জন যাত্ৰী কঢ়িয়াই নিয়া ইণ্ডিগ’ বিমানখন আবেলি কলকাতাত উপস্থিত হোৱাৰ কথা আছিল। এই ঘটনাৰ পিছতেই বিমানখনৰ যাত্ৰা বাতিল কৰা হয়। অৱশ্যে, বিমানখনৰ সকলো যাত্ৰী সুৰক্ষিত অৱস্থাত আছে। জানিব পৰা গৈছে যে ঘটনাটোৰ তদন্তৰ বাবে এটা বিশেষজ্ঞ দল গঠন কৰা হৈছে।
উল্লেখ্য যে, কেইবামাহধৰি স্পাইচজেট, ইণ্ডিগো, এয়াৰ ইণ্ডিয়া বহুকেইখন সঘনাই বিমান যান্ত্ৰিক বিজুতি সংঘটিত হৈ আছে। এই বিষয়টোক লৈ এতিয়া উদ্বিগ্ন ডিজিচিএ ।
ডিজিচিএয়ে ইতিমধ্যে স্পাইচজেটলৈ কেইবাবোৰো দুৰ্ঘটনাৰ কাৰণ দৰ্শাই জাননী প্ৰেৰণ কৰিছে। ডিজিচিএয়ে পিছত ইয়াৰ ৫০ শতাংশ বিমান উৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। এনে ধৰণৰ ঘটনাই বিমান যাত্ৰীসকলৰ মনত অধিক ভয়ৰ সৃষ্টি কৰা দেখা গৈছে।