গুৱাহাটীঃ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, লৌহমানৱী প্ৰয়াত ইন্দিৰা গান্ধীৰ জন্মদিন উপলক্ষে ৰাজীৱ ভৱনত কংগ্ৰেছৰ শ্ৰদ্ধাঞ্জলি তৰ্পন, স্মৃতিচাৰণৰ লগতে প্ৰাৰ্থনা সভাৰ কাৰ্যসূচী।
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই প্ৰাক্তন প্ৰধানমন্ত্ৰী লৌহ মানৱী প্ৰয়াত ইন্দিৰা গান্ধীৰ প্ৰতিছব্বিত পুষ্পাঞ্জলি অৰ্পণ কৰে l

লগতে পঢ়কঃসৰ্বানন্দ সোণোৱালে তদন্ত নকৰিলে, হিমন্ত বিশ্ব শৰ্মাৰ ওপৰতে এতিয়া আশা

তাৰপিছতে সৰ্বধৰ্ম প্ৰাৰ্থনা সভা হয়। শেষত প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীৰ সভাপতিত্বত এক সভা অনুষ্ঠিত হয় l নিৰ্দিষ্ট বক্তা হিচাবে ভূপেন বৰা দেৱ আৰু কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াই প্ৰয়াত ইন্দিৰা গান্ধীৰ জীৱন, ৰাজনৈতিক দৰ্শন আৰু দেশমাতৃৰ বাবে কৰা বিভিন্ন উন্নয়নমূলক কামৰ ওপৰত বক্তব্য ৰাখে l

আজি প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা চেহনাজ হক বেগমে আঁত ধৰা অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিধায়িনী দলপতি দেৱব্ৰত শইকীয়া,প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী, প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মা, প্ৰাক্তন সাংসদ বলীন কুলি, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ক্ৰমে নৃপেন ঠাকুৰীয়া, শৈলেন বৰা, ৰাজু শৰ্মা,বালিকা পেগু, সেৱাদলৰ অধ্যক্ষ দ্বীপ বায়ন, প্ৰাক্তন মেয়ৰ কুশল শৰ্মা, জিলা কংগ্ৰেছৰ বিষয় ববীয়া, জিলা NSUIৰ সভাপতি জিন্স বৰা আৰু বিষয়য়ববীয়া সকল উপস্থিত থাকে l

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply