নিউজ ডেস্কঃ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই বৃহস্পতিবাৰে অসম আৰু মেঘালয়ৰ সীমা সমস্যাক লৈ সম্পন্ন হোৱা চুক্তিৰ সন্দৰ্ভত মন্তব্য কৰে।
মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে- ”একাংশ ৰাজনৈতিক নেতা আৰু দলে সীমা বিবাদক লৈ দুয়োখন ৰাজ্যৰ মাজত হোৱা চুক্তিৰ বিৰুদ্ধে আপত্তি জনোৱা পৰিলক্ষিত হৈছে। আমাৰ চৰকাৰে আপত্তি দৰ্শোৱা সকলক এই চুক্তিৰ বিষয়ে সকলো বিতংকভাৱে বুজাবলৈ সাজু আছো।”
লগতে চুবুৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে- ”আপত্তি জনোৱা দলবোৰে লিখিতভাৱে মোক একো কোৱা নাই বা এই সন্দৰ্ভত আলোচনা কৰাৰ বাবেও কোনো লিখিত কাগজ-পাতি দিয়া নাই।” উল্লেখ্য যে, যোৱা ২৯ মাৰ্চত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত মেঘালয়-অসমৰ সীমা সমস্যাক লৈ চুক্তি সম্পন্ন হৈছিল।
নতুন দিল্লীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ উপস্থিত সম্পন্ন হৈছিল এই চুক্তিখন। ৩৬.৭৯ বৰ্গ কিলোমিটাৰ ভূমিৰ বাবে প্ৰস্তাৱিত পৰামৰ্শ অনুসৰি, অসমে ১৮.৫১ বৰ্গ কিলোমিটাৰ ৰাখিব আৰু বাকী ১৮.২৮ বৰ্গ কিলোমিটাৰ মেঘালয়ক এৰি দিব৷ দুয়োখন ৰাজ্যৰ মাজৰ সীমা বিবাদ ১৯৭২ চনত মেঘালয় অসমৰ পৰা পৃথক ৰাজ্য গঠন হোৱাৰে পৰা চলি আছিল।