তামুলপুৰঃ তামুলপুৰৰ ভাৰত-ভূটান সীমান্তত ট্ৰান্সপৰ্ট স্থাপনক লৈ সৃষ্টি হৈছে সংঘাত। দীর্ঘ দিনে সীমান্তৰ দৰঙামেলাস্থিত হিড়িম্বা ট্ৰান্সপৰ্টে চৰকাৰক উচিত কৰ নিদিয়াকৈ চলি থকাৰ অভিযোগ উত্থাপন কৰিছে নতুনকৈ স্থাপন হোৱা ইন্দো ভূটান ট্ৰান্সপৰ্টৰ স্বত্বাধিকাৰী তথা একাংশ লোকে।

২০২১ চনত স্থাপিত ইন্দো- -ভূটান নামৰ ট্ৰান্সপৰ্টটো চৰকাৰী নীতি নিৰ্দেশনা অনুযায়ী অনুজ্ঞা পত্ৰ লাভ কৰে। তাৰ পিছতে একে তাৰিখত দ্বিতীয়টো ট্ৰান্সপৰ্ট অর্থাৎ হিড়িম্বা ট্ৰান্সপৰ্ট কাম আৰম্ভ কৰাক লৈ সৰৱ হৈ উঠিছে ইন্দো-ভূটানৰ বিষয়া কৰ্মচাৰী সকল।

তেওঁলোকৰ অভিযোগ মতে, ২০০৪ চনতে স্থাপিত হিড়িম্বা ট্ৰান্সপৰ্টে দীর্ঘ সময় ধৰি ইয়াত পাৰ্কিংৰ কাম কৰি গৈছে যদিও কিমান শতাংশ কৰ চৰকাৰৰ ঘৰত জমা হৈছে এয়া ৰহস্যৰ মাজত সোমাই আছে।

হিড়িম্বা ট্ৰান্সপৰ্টে এখন মালাবাহী গাড়ীৰ ওপৰত ৮০০ টকা লোৱাৰ বিপৰীতে ইন্দো ভূটান ট্ৰান্সপৰ্টে লৈছে ৩০০ টকা।

আৰু পঢ়কঃক’ভিড ভেকচিন লোৱা লোকে লাভ কৰিছে তিনি দিনৰ খাদ্য সামগ্ৰী

আনফালে নতুনকৈ আৰম্ভ কৰা ইন্দো-ভূটান নামৰ ট্ৰান্সপৰ্টৰ বাবে বিভাগীয় লোকে জাৰি কৰা তাৰিখ কিদৰে একে তাৰিখত জাৰি কৰিব পাৰিছে এয়াও এক ডাঙৰ প্ৰশ্নবোধক চিন হৈ পৰিছে।লগতে, সীমান্তত থকা ট্ৰেড চেণ্টাৰত বহিঃ ৰাজ্যৰ শ শ গাড়ী নথি পত্ৰ আৰু নিৰীক্ষণৰ আওতাত থকা সময়তে কৌশলগত ভাৱে তাৰে পৰা হিড়িম্বা ট্ৰান্সফৰ্টৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি তাত গাড়ী ভৰ্তি কৰোৱাৰ নামত ধন আদায় কৰিছে।

অৱশ্যে ইন্দো ভূটানে কৰা এই সমস্ত অভিযোগ নৎসাত কৰিলে হিড়িম্বা ট্ৰান্সপ’ৰ্টৰ লোকে। তেওঁলোকে কয় যে পূৰ্বৰে পৰা চলি অহা এই ট্ৰান্সপ’ৰ্ট সম্পূৰ্ণ নীতি নিৰ্দেশনৰ মাজতে চলি আহিছে।

পিছে বিভাগীয় লোকৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব প্ৰকৃত ঘটনা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply