ৰঙিয়া – ৰঙিয়াৰ তুলসীবাৰীত উত্তপ্ত পৰিস্থিতি। ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ এপ’ল মিল কৰ্মচাৰী আৰু সহস্ৰাধিক ৰাইজৰ। ৰঙিয়া সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতা মুৰ্দাবাদ ধ্বনিৰে ৰাজপথ উত্তাল। এপ’ল মিলৰ কৰ্মচাৰীৰ স্বেচ্ছামুলক অৱসৰৰ দাবীত তীব্ৰ আন্দোলন।
ৰাজ্য চৰকাৰে বাজেট অধিবেশনত ৰাজহুৱা খণ্ডৰ বৃহৎ বস্ত্ৰ উদ্যোগ এপ’ল মিলৰ কৰ্মচাৰীক ভি আৰ এছ মুকলাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও ৰঙিয়া সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাৰ বাবেই এপ’ল মিলৰ কৰ্মচাৰী সকলে ভি আৰ এছৰ টকা লাভ নকৰাৰ অভিযোগ উত্থাপন কৰি এপ’ল কৰ্মচাৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰে। এপ’ল মিলৰ কৰ্মচাৰী সকলে মন্ত্ৰী ভবেশ কলিতাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
পৰিস্থিতি উত্তপ্ত হৈ পৰাত প্ৰতিবাদস্থলীত মোতায়ন কৰা হৈছে ব্যাপক হাৰত আৰক্ষী, অৰ্ধ সামৰিক বাহিনী। প্ৰতিবাদকাৰী সকলে আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ কৰাৰ ফলত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ আৰু হাগ্ৰামা মহিলাৰীৰ কনভয় আৱদ্ধ হৈ পৰাৰ লগতে সৃষ্টি হৈছে যানযঁটৰ। কেইবাঘন্টা ধৰি ৰাখিছে পথ অৱৰোধ অব্যাহত ৰখা প্ৰতিবাদকাৰী সকলে চৰকাৰে তেওঁলোকৰ দাবী মানি নোলোৱা পৰ্যন্ত পথ মুকলাই নিদিয়াৰ হুংকাৰ দিছে।
প্ৰতিবাদকাৰী এপ’ল মিলৰ কৰ্মচাৰী সকলৰ লগতে ৰাইজে বিধানসভা নিৰ্বাচনত ভোট বৰ্জন কৰাৰো হুংকাৰ দিছে। যোৱা চাৰি বছৰ ধৰি এপ’ল মিলৰ উৎপাদন বন্ধ হৈ আছে ফলত মিলৰ প্ৰায় ৩৯৪ শ্ৰমিক-কৰ্মচাৰীৰ অৱস্থা পানীত হাঁহ নচৰাৰ হৈছে। দৰমহা বন্ধ হৈ থকাত তীব্ৰ আৰ্থিকৰ ফলত মিলখনৰ কেইবাজনো কৰ্মচাৰীয়ে আত্মহত্যাৰ দৰে চৰম পথ বাছি লৈছিল। বহু কৰ্মচাৰীয়ে দিন হাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দিবলৈ বাধ্য হৈছে। কোনোবাই আকৌ হোটেলত বাচন-বৰ্তন ঢুই পৰিয়াল চলাব লগীয়া হৈছে।
বাৰম্বাৰ প্ৰতিবাদ আৰু আন্দোলনৰ পিছত চৰকাৰে আশ্বাস, প্ৰতিশ্ৰুতি দিয়ে যদিও কিন্তু মিল পুনৰ কাৰ্যক্ষম কৰি নোতোলে। অৱশেষত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মন্ত্ৰী ভবেশ কলিতাৰ বিৰুদ্ধে ক্ষুব্ধ হৈছে এপ’ল মিলৰ কৰ্মচাৰী সকল। প্ৰতিবাদকাৰী কৰ্মচাৰী সকলে মন্ত্ৰী ভবেশ কলিতাৰ ঘৰত আত্মজাহ দিয়াৰ হুংকাৰ দিছে আৰু ইয়াৰ বাবে চৰকাৰখন জগৰীয়া হ’ব বুলিও মন্তব্য কৰিছে মিলৰ কৰ্মচাৰী সকলে।