সোণাৰি: বিভিন্ন অসুবিধাৰ বাবে নিয়মীয়া শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত শিক্ষাৰ্থীসকলৰ সহায়ক হোৱাকৈ সোণাৰি কমাৰ্চ কলেজত আৰম্ভ কৰা হৈছে মুক্ত আৰু দূৰৱৰ্তী শিক্ষা কেন্দ্ৰ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মুক্ত আৰু দূৰৱৰ্তী শিক্ষা কেন্দ্ৰৰ অধীনত পৰিচালিত হবলগীয়া এই শিক্ষা কেন্দ্ৰটো আজি আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰা হয়।

এই উদ্দেশ্যে আজি সোণাৰি কমাৰ্চ কলেজত প্ৰৱেশ সমাৰোহ অনুষ্ঠিত কৰা হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মুক্ত আৰু দূৰৱৰ্তী শিক্ষা কেন্দ্ৰৰ সঞ্চালক দেৱ কুমাৰ চক্ৰৱৰ্তী মুখ্য অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানত সোণাৰিৰ সমাজ জীৱনৰ লগত জড়িত বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

উল্লেখ্য যে সোণাৰি কমাৰ্চ কলেজত চলিত বছৰৰ পৰা আৰম্ভ কৰা এই শিক্ষা কেন্দ্ৰত স্নাতকোত্তৰ পৰ্যায়ত ১০৩ গৰাকী আৰু স্নাতক পৰ্যায়ত ২৩ গৰাকী শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply