যোৰহাট : যোৰহাট জিলাত খিলঞ্জীয়া কৃষকসকলে সোনকালে হেৰোৱাব লাগিব পৈত্তিক সম্পত্তি ৰূপে থকা কৃষি ভূমি কেইডৰা। কৃষি ভূমি শ্ৰেণী পৰিৱৰ্তন কৰি বনিয়াই গঢ়ি তুলিছে কল কাৰখানা। এই কাম ৰাজহ বিভাগে বৃহৎ জালিয়াতিৰে সম্পন্ন কৰা বুলি অভিযোগ উঠাপন কৰিছে স্থানীয় সচেতন বহু দল-সংগঠনৰ নেতাই। এই বৃহৎ বনিয়া গোষ্ঠীৰ লগত কেইজনমান স্থানীয় কমিছন খোৱা দালাল জড়িত হৈ থাকৰো অভিযোগ। সহজ সৰল কৃষক সকলক মাটিৰ দালাল জড়িত হৈ বৃহৎ সংখ্যক মাটি অতি কম মূল্যত হস্তক্ষেপ কৰে।
ৰাজহ বিভাগৰ একাংশ ধনৰ লোভত কৃষি ভূমি অনাকৃষি ভূমিলৈ পৰিৱৰ্তন কৰে। ইয়াৰ বহু পৰিয়ালে অতি কম দিনৰ ভিতৰত নিজৰ কৃষি ভুমিও হেৰোৱাৰ দিশে আগবাঢ়ি যোৱাৰ উপক্ৰম হৈছে। উল্লেখযোগ্য ১৯৮৮ চনত ৰাজ্য চৰকাৰে কৃষি ভূমিক-অনাকৃষি ভূমিলৈ শ্ৰেণী পৰিৱৰ্তন কৰাত বাধা আৰোপ কৰিছিল। ইয়াৰ পিছতো বিগত সময়ছোৱাত ৰাজহ বিভাগৰ একাংশ বিষয়া, কৰ্মচাৰীয়ে একাংশ পুঁজিপতি বেপাৰীক ৰাতিৰ ভিতৰতে চৰকাৰৰ আদেশ অমান্য কৰি শ শ বিঘা মাটি শ্ৰেণীৰ পৰিৱৰ্তন কৰি নিজৰ কৰি পেলালেবলৈ সুবিধা কৰি দিছে বুলি অভিযোগ উত্থাপন হৈছে।
যোৰহাটৰ গৰিষ্ঠ সংখ্যক কৃষি ভূমি এতিয়া এই বনিয়াৰ হাতত। বিশেষ কৈ ৰাষ্ট্ৰীয় ঘাইপথ আৰু উপপথৰ দুয়ো কাষৰ কৃষি ভূমিত এতিয়া কল কাৰখানা, উদ্যোগ গঢ়লৈ উঠিছে। ফলত বনিয়া সকল লাভম্বিত হোৱাৰ বিপৰীতে সৃষ্টি হৈছে ব্যাপক প্ৰদুষণৰ আৰু কৃষি ভূমি নাইকিয়া হৈ পৰিছে যোৰহাটৰ চাৰিওফালে বনিয়াৰ খিলঞ্জীয়াৰ ভূমিৰ ওপৰত কোটি টকীয়া বেহা। উল্লেখযোগ্য যে যোৰহাট জিলাত চৰকাৰী তথ্য অনুসৰি ১,৭৬,২৮০ হেক্টৰ কৃষি ভূমিৰ গৰিষ্ঠ সংখ্যকক ভূমি বনিয়াৰ হাতলৈ গৈছে।
লগতে পঢ়ক : ছয়গাঁৱত আৰক্ষীৰ সন্মুখতে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ দক্ষিণ কামৰূপ সভাপতিক প্ৰহাৰ
গুৰুত্বপূৰ্ণ বিষয়টো হৈছে এটুকুৰা কৃষি ভূমি কেৱল কৃষিকাৰ্যৰ বাবেহে ক্ৰয় কৰিব পাৰি। এডৰা কৃষি ভূমি ক্ৰয়া কৰাৰ সময়ত এই ভূমি কৃষি কাৰ্যত ব্যৱহাৰ কৰা হ’ব বুলি আদালতত শপত নামাও দাখিল কৰিব লাগে। কেৱল এয়াই নহয় ক্ৰয় কৰা কৃষি ভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰিব লগা হ’লে প্ৰথমে ভেটিৰ মাটি, ইয়াৰ পিছতহে পয্যায়ক্ৰমে ঔদ্যোগিক ক্ষেত্ৰলৈ পৰিৱৰ্তন কৰিব পাৰি। এতিয়া সচেতন ৰাইজে প্ৰশ্ন কৰিছে যে কৃষি মাটি সমূহ কিদৰে চৰকাৰী টেবুলত পৰিবৰ্তন হ’ল। ইয়াৰ মূলত লাখ লাখ টকাৰ খেল বুলিয়েই দাবী কৰিছে ৰাইজে।আইন অমান্য কৰি একাংশ চৰকাৰী কৰ্মচাৰীয়ে কেনেকৈ কৃষি ভূমি পৰিবতন কৰিলে ?