গুৱাহাটী : অসমৰ তথ্য আৰু জনসংযােগ বিভাগৰ মন্ত্রী পীযুষ হাজৰীকাই সাংবাদিক সকলৰ পেন্সন প্রতিমাহে ৮০০০ টকাৰ পৰা ১০,০০০ টকালৈ বৃদ্ধি কৰাৰ লগতে কৰ্মৰত অৱস্থাত থকা সাংবাদিকৰ অকাল মৃত্যুবৰণ কৰাত মৃতকৰ নিকটতম আত্মীয়ক ১ লাখৰ পৰা ৩ লাখ টকা পৰ্য্যন্ত এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘােষণা কৰে। মন্ত্রীগৰাকীয়ে জনতা ভৱনৰ কাৰ্যালয়ৰ সভাকক্ষত জনসংযােগ বিভাগৰ শীর্ষ বিষয়া আৰু ভালেকেইটা সাংবাদিক সংগঠনৰ প্রতিনিধিৰ লগত হােৱা আলােচনাৰ অন্তত এই কথা প্রকাশ কৰে।

লগতে পঢ়ক : ৰাজ্যৰ চাহ বাগিছাত কোৰোনাৰ সংক্ৰমণে লৈছে ভয়াৱহ ৰূপ

সভাত তথ্য আৰু জনসংযােগ বিভাগৰ সচিব নীৰা গগৈ সােণােৱাল, তথ্য আৰু জনসংযােগ বিভাগৰ সঞ্চালক অনুপম চৌধুৰীসহ ভালেকেইগৰাকী বিষয়া উপস্থিত থাকে। মন্ত্রী পিযুষ হাজৰিকাই আপকু, আছাম ইউনিয়ন অৱ ৱৰ্কিং জাৰ্নেলিষ্ট, আছাম ফটো জাৰ্নেলিষ্ট এছ’চিয়েছন আৰু ইলেকট্ৰনিক মিডিয়া ফ’ৰাম, অসমৰ প্ৰতিনিধি সকলৰ সৈতে এই গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply