অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ উত্থাপন কৰিছে বিৰোধী কংগ্ৰেছে | এই সন্দৰ্ভত শনিবাৰে নিশাই বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ হাতত এক অভিযোগ পত্ৰ দাখিল কৰে কংগ্ৰেছৰ বিধায়িনী দলে ।
কংগ্ৰেছ বিধায়িনী দলৰ উপ-দলপতি ৰকিবুল হুছেইনৰ নেতৃত্বত যোৱা বিধায়কৰ দলটোৱে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ বিৰুদ্ধে শীঘ্ৰে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈও অধ্যক্ষৰ ওচৰত দাবী জনায়।
অভিযোগ পত্ৰখনত কংগ্ৰেছ বিধায়িনী দলে উল্লেখ কৰা মতে, শুকুৰবাৰে ছিপাঝাৰত আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে সংবাদ মাধ্যমৰ আগত “মই পুলিচ । বিধায়ক চিধায়ক নামানো” বুলি মন্তব্য কৰিছিল । কংগ্ৰেছৰ মতে তেওঁৰ এনে মন্তব্যই কেৱল বিধায়ক সকলকে অপমান কৰা নাই । পবিত্ৰ বিধানসভাকো অপমান কৰিছে ।
সেয়েহে বিশেষাধিকাৰ ভংগৰ অভিযোগত আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ বাবে কংগ্ৰেছ বিধায়িনী দলে অধ্যক্ষৰ ওচৰত দাবী তোলে ।
লগতে পঢ়ক-APDCLৰ পৰীক্ষা কেলেংকাৰী গ্ৰেপ্তাৰ সকলক ন্যায়িক জিম্মালৈ প্ৰেৰণ