নুমলীগড় : নুমলীগড় শোধনাগাৰ টাউনশ্বিপৰ কুঞ্জলতা প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে আয়োজিত এক অনুষ্ঠানত ভাৰতীয় আভ্যন্তৰীণ জল পৰিবহন প্ৰাধিকৰণ আৰু নুমলীগড় শোধনাগাৰৰ মাজত এখন গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই চুক্তি অনুসৰি নুমলীগড়ৰ ধনশিৰি নৈৰ ঘাটেদি পাৰাদ্বীপলৈ ১৬০০ কিলোমিটাৰ জলপথেৰে নুমলীগড় শোধনাগাৰৰ উৎপাদিত তৈলজাত সামগ্ৰী আৰু খাৰুৱা তেল সৰবৰাহ কৰা হ’ব।

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় জাহাজ, বন্দৰ আৰু আয়ুস মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰিত হয়। অনুষ্ঠানত ভাৰ্চুৱেল ব্যৱস্থাৰে কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ ৰাজ্য মন্ত্ৰী ৰামেশ্বৰ তেলীয়েও ভাষণ দিয়ে।

উল্লেখ্যযোগ্য যে,  নুমলীগড় শোধনাগাৰে বৰ্তমানৰ ৩ মেট্ৰিক টন শোধন ক্ষমতা তিনিগুণ বৃদ্ধি কৰি ৯ মেট্ৰিক টন কৰিবলৈ শোধনাগাৰ সম্প্ৰসাৰণ প্ৰকল্পৰ কাম আৰম্ভ কৰিছে । এই সম্প্ৰসাৰিত প্ৰকল্পটোৰ বাবে সমগ্ৰ দেশ আৰু বিদেশৰ পৰাও ১ হেজাৰো অধিক বৃহৎ সঁজুলি জল পথেৰে শোধনাগাৰটোলৈ অনা হ’ব ।

এই সঁজুলিবোৰৰ কেইবাটাও সঁজুলি অভাৰ ডাইমেনশ্যনেল কনচাইনমেণ্ট আৰু অত্যাধিক ওজন কনচাইনমেণ্ট শ্ৰেণীৰ অন্তৰ্গত । যাৰ বাবে এই সঁজুলিসমূহ আনিবৰ বাবে নুমলীগড় শোধনাগাৰে ব্ৰহ্মপুত্ৰ আৰু ধনশিৰি নদীৰ জলপথ ব্যৱহাৰ কৰিব  ৷

ইয়াৰ বাবে আনকি দেশৰ পশ্চিমাঞ্চলৰ মুখ্য বন্দৰবোৰক উত্তৰ-পূব অঞ্চলক সংযোগ কৰিবলৈ সাগৰ আৰু নদীৰ পথবোৰ ব্যৱহাৰ কৰিব বুলিও কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷ অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷

বন্তি প্ৰজ্বলনৰ পিচতেই  শোধনাগাৰ কৰ্তৃপক্ষ আৰু আভ্যন্তৰীণ জল পথ প্ৰাধিকৰণৰ দ্বাৰা একোটাকৈ সচিত্ৰ উপস্থাপনেৰে এই জল পথৰ সবিশেষ তথ্য দাঙি ধৰা হয় । অনুষ্ঠানৰ প্ৰাকক্ষণত নুমলীগড় ৰৌদুৱাৰ গাওঁত ধনশিৰি নদীত থকা নুমলীগড় শোধনাগাৰৰ নদী বন্দৰটোও  কেন্দ্ৰীয় মন্ত্ৰী  সৰ্বানন্দ সোনোৱালে পৰিদৰ্শন কৰে ।

লগতে পঢ়ক : সোণাৰিত সংঘটিত হৈছে নৰবলিৰ ঘটনা

অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰা, দেৰগাঁৱৰ বিধায়ক ভৱেশ ভৰালী, সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন, শোধনাগাৰৰ পৰিচালন সঞ্চালক এইচ কে বৰুৱা আৰু আভ্যন্তৰীণ জল পৰিবহন প্ৰাধিকৰণৰ বিষয়া আশুতোষ গৌতম উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply