আভ্যন্তৰীণ জল পৰিবহণ

নিউজ ডেস্ক: যোৱা ৮ চেপ্টেম্বৰত নিমাতীঘাটত সংঘটিত হোৱা ফেৰী দুৰ্ঘটনাই ৰাজ্যখনৰ জল পৰিবহণ ব্যৱস্থাৰ প্ৰকৃত স্বৰূপ উদঙাই দিলে৷ পূৰ্বৰ সোণোৱাল চৰকাৰৰ প্ৰথম ২০১৬-১৭ বৰ্ষৰ বাজেট অধিৱেশনতেই আভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থাৰ সামগ্ৰিক উন্নয়নৰ লগতে আধুনিক সা-সৰঞ্জামেৰে সু-সজ্জিত কৰাৰ কথা উল্লেখ কৰিছিল৷ কিন্তু সেই প্ৰতিশ্ৰুতি আজি পৰ্যন্ত পূৰণ নহ’ল। এতিয়া সেই একে ৰাজনৈতিক দলৰে দ্বিতীয়জন মুখ্যমন্ত্ৰীৰ দিনত সংঘটিত হোৱা ফেৰী দুৰ্ঘটনাই চৰকাৰৰ মিথ্যাচাৰ উদঙাই দিলে৷

ফেৰী দুৰ্ঘটনাৰ পাছতহে ৰাজ্য চৰকাৰৰ গা লৰিছে। বাতিল কৰিছে মেৰিন ইঞ্জিন নথকা ফেৰী। ইয়াৰ মাজতো ধুবুৰী, হাটশিঙিমাৰী, ফকিৰগঞ্জত নাই ৰ’ৰ’ ফেৰী । আজিও তাত এটা ইঞ্জিনযুক্ত ফেৰীয়েই চলাচল হৈ আছে। এইসমূহ পাৰঘাটতো ৰ’ৰ’ ফেৰী সেৱা প্ৰদানৰ ঘোষণা বহুদিন আগতেই কৰা হৈছিল৷ নিমাতীৰ ভয়ংকৰ ফেৰী দুৰ্ঘটনাৰ পৰাও শিক্ষা নল’লে আভ্যন্তৰীন জল পৰিবহন বিভাগে। ধুবুৰীৰ ফকিৰগঞ্জত সুৰক্ষামূলক ব্যৱস্থা অবিহনেই এতিয়াও নদী পাৰাপাৰ কৰিছে বহুজনে। লাইফ জেকেট অবিহনেই সহস্ৰাধিক যাত্ৰী লৈ ফকিৰগঞ্জত চলিছে এখন ৰ’পেক্স। এইবোৰ ব্যবস্থা কোনে চাব ।

যোৱা তিনি বছৰত ফেৰী সেৱাৰ ৰাজহ ৫,৮৫৯ কোটিৰ পৰা ১,৬৪৩ কোটিলৈ হ্ৰাস পাইছে। চৰকাৰী অনুমোদনৰ অবিহনেই চলি আছে ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহনৰ বহুতো পাৰঘাট।

চৰকাৰে কেতিয়া আভ্যন্তৰীণ জল পৰিবহণৰ বাবে ৰাজ্যৰ সকলো পাৰঘাটতেই পৰ্যাপ্ত হোৱাকৈ মেৰিন ইঞ্জিনযুক্ত চৰকাৰী ফেৰীৰ ব্যৱস্থা কৰিব ? কেতিয়া চৰকাৰী অনুমোদনৰ অবিহনেই চলি থকা পাৰঘাটসমূহ বন্ধ কৰিব নাইবা সেইসমূহ চৰকাৰী অনুমোদনেৰে ৰাজহ সংগ্ৰহৰ আওতালৈ আনিব

লগতে পঢ়ক গুৱাহাটীত ভয়াবহভাৱে বৃদ্ধি পাইছে কিন্নৰৰ সন্ত্ৰাস

কেবল মাজুলীতেই নহয়, সমগ্ৰ অসমত ২,২৫০-ৰো অধিক চৰ গাওঁ আছে। প্ৰায় ৩০ লাখ লোক এই চৰবোৰত বাস কৰে। বেছিভাগৰে যাতায়ত ব্যৱস্থা নাও । ব্যক্তিগত মালিকৰ অধীনত প্ৰতিটো চৰৰৰপৰা দুখন বা তিনিখন নাও পুৱাই আহে। ৰ’দ-বৰষুণ-ধুমূহা যিয়েই নহওক এইবোৰ অঞ্চলৰ পৰা মানুহ জীৱন-জীৱিকাৰ বাবে বাহিৰলৈ ওলাই আহিবলৈ বাধ্য।

৩৫০টাৰো অধিক চৰ থকা ধুবৰীত মাত্ৰ ফকীৰগঞ্জলৈহে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ নাও চলে। অথচ ধুবুৰীৰ পাৰঘাট এটা ইঞ্জিন যুক্ত নাৱেৰেই ভৰি থাকে। নাও ৰাখিবলৈ ধুবুৰীৰ পাৰাঘাটৰ জেগা নাথাকেই। চৰৰ একমাত্ৰ যোগাযোগৰ মাধ্যম এই নাওঁবোৰ কেৰাচিন তেলৰ ইন্ধনেৰে চলোৱা খেতিত পানী দিবলৈ ব্যৱহাৰ কৰা ইঞ্জিন সংযোগ কৰা হয়। আভ্যন্তৰীণ জল পৰিবহন বিভাগ নামৰ বিয়াগোম বিভাগ এটা থকাৰ পিছতো তেওঁলোকৰ জীৱন লেচী, নাৱৰ মালিকৰ হাতৰ মুঠিত বন্দী।

বাৰিষা প্ৰশাসনে ব্ৰহ্মপুত্ৰৰ বুকুত নাও চলাচল বন্ধ কৰাৰ সময়বোৰতো এইবোৰ নাও টুুং-ভুটুংকৈ চলি থাকে, নদী-আৰক্ষীৰ হাতত কেইটামান টকাৰ উৎকোচ দি। আজি দূৰ্ঘটনা এটা হোৱাৰ বাবে মাজুলীৰ যাত্ৰীসকলৰ সুৰক্ষাৰ ব্যৱস্থাক লৈ বিভাগটো উঠিপৰি লাগিছে ৩০ লক্ষ চৰবাসীৰ জীৱনৰ সুৰক্ষাৰ কথা দূৰ্ঘটনা এটা ঘটালৈকে ৰৈ আছে আভ্যন্তৰীণ জল পৰিবহন বিভাগটো ।

বিভাগটোৰ মন্ত্ৰী গৰাকীৰ কোনো মিছন আৰু ভিজন নোহোৱাৰ বাবেই বগাহাতীত পৰিনত হৈছে বিভাগটো | সমগ্ৰ ৰাজ্যখনেই নদীৰে সংযোগ থকাৰ পিছতো নদীয়েদি যাতায়ত কৰাৰ ব্যবস্থা এটা কৰিব নোৱাৰিলে দশকৰ পিছত দশক ধৰি । মাজুলীৰ দূৰ্ঘটনাৰ পিছতেই পুনৰ পোহৰলৈ আহিল বিভাগটোৰ বিষয়া কৰ্মচাৰীসকলে কি দৰে ব্যক্তিগত নাওবোৰৰ মালিকৰ সৈতে মিলি নিগমৰ ফেৰীসেৱাক কেনেদৰে ধ্বংসৰ মুখলৈ ঠেলি দিছে।
বিধায়ক মৃণাল শইকীয়াৰ নেতৃত্বত থকা আইন ৰূপায়ন সমিতিয়ে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ আয়ুক্ত সচিব আৰু সঞ্চালকক তলব কৰা বিষয়টোৱেই বিভাগটো যে সুচাৰু ৰূপে চলি থকা নাই তাৰ ইংগিতেই বহন কৰে।

লগতে পঢ়ক আনুষ্ঠানিক ঘোষণা : ধৈৰ্য্য কোঁৱৰ যুঁজিব থাওৰা সমষ্টিত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply