অসম চৰকাৰৰ এটা বিভাগ আভ্যন্তৰীণ জল পৰিবহণ এই বিভাগটোৰ কৰ্মচাৰীসকলৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যখনৰ জনসাধাৰণৰ অভিযোগ যুগ যুগ ধৰি চলি আহিছে যদিও কোনো কানসাৰ নাই বিভাগটোৰ বৰমুৰীয়াসকলৰ |
জল পৰিবহন ব্যবস্থাটো যথেষ্ট সুবিধা থকাৰ পিছতো ৰাজ্য চৰকাৰ সমূহে আজিলৈকে কোনো গুৰুত্ব নিদিয়াৰ ফলতেই বিভাগটো বগা হাতীত পৰিনত হৈছে ৷
যাৰ ফলত বিভাগটোৰ কৰ্মচাৰীসকলৰ কামত অৱহেলা নিয়মীয়া ঘটনাত পৰিনত হৈছে ৷ শেহতীয়াকৈ এনে এচাম কৰ্মচাৰীক কামত অৱহেলা কৰাৰ অভিযোগত চাকৰিৰ পৰা নিলম্বন কৰে ৷
পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ নির্দেশমর্মে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সঞ্চালকে বিভাগটোৰ ছেকচনেল এছিছষ্টেণ্ট চাহানুৰ আলী, লস্কৰ পুষ্প বৰা, লীলাধৰ নাথ, ফিল্ড খালাচী তৰণী কলিতা, খালাচী মহেশ্বৰ ভূঞা, দ্বৰিকা চৌধুৰী আৰু মণ্টু কুমাৰ গোস্বামীক চাকৰিৰ পৰা নিলম্বন কৰে ৷
সংশ্লিষ্ট কর্তৃপক্ষৰ অনুমতি অবিহনে এইসকল কৰ্মচাৰীয়ে মুখ্য কার্যালয় এৰিব নোৱাৰিব বুলি নির্দেশটোত কোৱা হৈছে৷ উল্লেখ্য যে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সংশ্লিষ্ট কর্মচাৰীকেইজনৰ কর্তব্যত অৱহেলাৰ বাবেই চাউলখোৱা–আপাৰিয়া–গে ফেৰী সেৱা ডুবিছিল ৷
বৰ্তমান তদন্ত চলি থকা এই ঘটনা সম্পর্কত পৰিবহণ মন্ত্রী পাটোৱাৰীয়ে কয় যে কর্তব্যত অৱহেলা কোনো কাৰণতে সহ্য কৰা নহ’ব৷ তদন্তত কর্মচাৰীকেইজন দোষী সাব্যস্ত হ’লে তেওঁলোকৰ বিৰুদ্ধে ইয়াতকৈও কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব ৷
লগতে পঢ়ক বদ্ৰী প্ৰসাদৰ স্বীকাৰোক্তিত আহিছে কোন উচ্চপদস্থ বিষয়াৰ নাম