গুৱাহাটী : নগাঁও আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী বামুনী পাহাৰৰ তপতজুৰিত বনৰীয়া হাতীৰ ৰহস্যজনক মৃত্যুৰ উচ্চস্তৰৰ তদন্তৰ দাবী কৰিছে পৰিৱেশমূলক চলচিত্ৰ নিৰ্মাতা শান্তনু সেনে। ১৮ টাকৈ বনৰীয়া হাতীৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ দাবীত শান্তনু সেনে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক এখন পত্ৰ প্ৰেৰণ কৰিছে। ইফালে একে দাবী উত্থাপন কৰিছে নেচাৰ্ছ বেকন নামৰ পৰিৱেশ সংৰক্ষণৰ লগত জড়িত সন্থাৰ সঞ্চালক সৌম্যদ্বীপ দত্তই।

গুৱাহাটীৰ মহানগৰীৰ সোণাপুৰৰ নিবাসী পৰিৱেশমূলক চলচিত্ৰ নিৰ্মাতা শান্তনু সেনে তপতজুৰিত বনৰীয়া হাতীৰ ৰহস্যজনক মৃত্যুৰ উচ্চস্তৰৰ তদন্তৰ দাবী কৰি বনমন্ত্ৰী পৰিমল শুল্কবৈদ্যলৈ প্ৰেৰণ কৰা পত্ৰখনত উল্লেখ কৰিছে যে ২০ টাকৈ বনৰীয়া হাতীৰ মৃত্যু অতিকৈ চিন্তনীয় বিষয়। ব্ৰজপাত পৰি হাতী কেইটাৰ মৃত্যু হ’লে ওচৰৰ গছ, বন বোৰত ধৰা পৰিল হেতেন, ব্ৰজপাত পৰিলে পাতবোৰ লেৰেলি গ’ল হেতেন বা কিছু গছ-গছনি পুৰিল হেতেন।

শান্তনু সেনে লগতে উল্লেখ কৰে যে হাতী কেইটাক মৃত্যুৰ মুখলৈ ঠেলি পৰিৱেশ মুকলি কৰি দিয়া হৈছে নেকি ? যিহেতু কোম্পানী বহিবলৈ পৰিৱেশ মুকলিৰ চাৰ্টিফিকেট লাগে, যদিহে অঞ্চলটো এলিফেণ্ট কৰিডৰ হয়। বামুনীৰ পাহাৰখনৰ দাঁতিত বহু মুকলি মাটি আছে যত কোম্পানীৰ চকু আছে। কোনোবা দুষ্ট চক্ৰই হাতী কেইটাক অন্য ভাগে হত্যা কৰা নাইতো বুলিও প্ৰশ্ন উত্থাপন কৰে শান্তনু সেনে।

আজৌৰ কোম্পানীক সৌৰ শক্তি স্থাপনৰ বাবে বামুনীৰ পথাৰখনত বন বিভাগে আৰু চৰকাৰে হাতীৰ বিচৰণ ভূমি নহয় বুলি এন অ চি দিছিল। আজৌৰ কোম্পানীয়ে বনৰীয়া হাতীৰ অহা-যোৱাৰ বাট বন্ধ কৰি পাৱাৰ প্ৰজেক্ট তৈয়াৰ কৰি আছে। হাতীৰ মৃত্যু হোৱা ঠাই ইয়াৰ নিলগত, আৰু অন্যান্য মধ্যভূগি শ্ৰেণী, ন ন কোম্পানীয়ে দাঁতি কাষৰীয়া ঠাইবোৰ ইতিমধ্যে দখল কৰিছে বুলি সামাজিক মাধ্যমত জানিব পাৰিছো। মুনাফা লাভৰ বাবে গভীৰ ষড়যন্ত্ৰ হোৱা নাইতো বুলিও প্ৰশ্ন কৰে পৰিৱেশমূলক চলচিত্ৰ নিৰ্মাতা গৰাকীয়ে। যদিও চৰকাৰৰ প্ৰায় প্ৰতিটো পক্ষই বজ্ৰপাতৰ কৰুণ মৃত্যু বুলি শোক প্ৰকাশ কৰিছে, কিন্তু ঘটনাটো ৰহস্যজনক বুলি পত্ৰখনত উল্লেখ কৰে শান্তনু সেনে।

আপুনি বন বিভাগৰ নিৰপেক্ষ মন্ত্ৰী আৰু মুৰব্বী হিচাপে আপোনাৰ ওপৰত আমাৰ গভীৰ আস্থা আছে। গতিকে মৃত্যু হোৱা হাতীকেইটাৰ পোষ্টমৰ্টেম ৰিপোৰ্ট ৰাজহুৱা কৰিবলৈ আৰু এক উচ্চস্তৰৰ নিৰপেক্ষ তদন্ত বহুৱাই প্ৰকৃত তথ্য পোহৰাবলৈ আনিবলৈ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক আহ্বান জনায় পৰিৱেশমূলক চলচিত্ৰ নিৰ্মাতা শান্তনু সেনে। ইফালে হাতীৰ মৃত্যু সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নেচাৰ্ছ বেকন নামৰ পৰিৱেশ সংৰক্ষণৰ লগত জড়িত সন্থাৰ সঞ্চালক সৌম্যদ্বীপ দত্তই কয় হাতী কেইটাৰ মৃত্যৰ উচিত তদন্ত হ’ব লাগে।

আৰু পঢ়কঃ ডিগবৈৰ টিংৰাইত গ্ৰেণেড বিস্ফোৰণ; এজন নিহত, ৩জন আহত

সৌম্যদ্বীপ দত্তই কয় যে যদি প্ৰাকৃতিক কাৰণত হাতী কেইটাৰ মৃত্যু হোৱা নাই তেন্তে ইয়াৰ তদন্ত হ’ব লাগে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পিছত হাতী কেইটাৰ মৃত্যুৰ প্রকৃত কাৰণ পোহৰলৈ আহিব আৰু যদি হাতী কেইটাৰ মৃত্যু অন্য কাৰণত হৈছে তেন্তে ইয়াৰ তদন্ত কৰি ঘটনাৰ লগত জড়িত ব্যক্তি সকলক উচিত শাস্তি প্ৰদান কৰিব লাগে। বৃহস্পতিবাৰে নগাঁও আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী বামুনী পাহাৰৰ তপতজুৰিত ১৮ টাকৈ বনৰীয়া হাতীৰ মৃত্যুদেহ উদ্ধাৰ হৈছিল। বজ্ৰপাতৰ ফলত হাতী কেইটাৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply