গুৱাহাটী : সমগ্ৰ দেশৰ লগতে অসমতো সংহাৰী ৰূপ ধাৰণ কৰিছে মাৰাত্মক ক’ভিডৰ দ্বিতীয়টো ঢৌৱে। দেশত প্ৰতিদিনে লক্ষাধিক লোক ক’ভিডত নতুনকৈ আক্রান্ত হৈ থকাৰ লগতে মৃত্যুৰ মুখত পৰি আছে হাজাৰ হাজাৰ লোক। ক’ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰে কেইবাটাও কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে যদিও নিয়ন্ত্ৰণ হোৱা সংক্ৰমণৰ হাৰ।

ক’ভিড প্ৰ’টকল ভংগকাৰী ওপৰত চৰকাৰে কঠোৰ ব্যৱস্থাও গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। ক’ভিড প্ৰ’টকল ভংগকাৰী ওপৰত আৰক্ষীৰ কঠোৰ শাস্তি অব্যাহত থকাৰ মাজতে এইবাৰ কভিড প্ৰ’টকল ভংগ কৰাৰ অভিযোগত শিশুক নিৰ্যাতন চলাই সমস্যাত পৰিছে আৰক্ষী। শুকুৰবাৰে ঈদৰ দিনা কেইগৰাকীমান শিশুৰ ওপৰত ক’ভিড প্ৰ’টকল ভংগৰ নামত মহানগৰ আৰক্ষী আৰু নিৰাপত্তা ৰক্ষীয়ে নিৰ্যাতন চলাইছিল।

শিশুৰ ওপৰত আৰক্ষীয়ে নিৰ্যাতন চলোৱা ভিডিঅ’ বিভিন্ন সামাজিক মাধ্যমৰ লগতে সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পিছতে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। ইয়াৰ পিছতে মহানগৰ আৰক্ষী আয়ুক্তই শিশু নিৰ্যাতনৰ ঘটনাৰ তদন্তৰ নির্দেশ প্ৰদান কৰিছে। এই সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই কাৰ দোষত এনে ঘটনা সংঘটিত হ’ল ইয়াৰ তদন্তৰ নিৰ্দেশ দিছে।

লগতে পঢ়ক : অহা ৩ মাহলৈ কোনো সামৰিক অভিযান নচলাই আলফা (স্বাধীন)-এ

উল্লেখ্য যে শুকুৰবাৰে ঈদৰ দিনা ঘৰৰ পৰা ওলাই অহা কেইগৰাকী মান শিশু আৰু মহিলাক ফাঁচীবজাৰত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে ক’ভিড প্ৰ’টকল ভংগৰ অপৰাধত কাণত ধৰাই আঁঠু কঢ়াই শাস্তি প্রদান কৰিছিল৷ ইয়াৰ পূৰ্বেও আৰক্ষীয়ে ক’ভিড প্ৰ’টকল ভংগৰ নামত ৰাইজক নিৰ্যাতন চলাই থকাৰ অভিযোগ উত্থাপন হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,275 other subscribers

Leave a comment

Leave a Reply