YouTube video

মাজুলীঃ মাজুলীৰ নিমাতী ঘাটৰ ফেৰী দুৰ্ঘটনাই সলনি কৰিলে মাজুলী দক্ষিণপাট ঘাটৰ ৩৫ বছৰীয়া ইতিহাস।

আজিৰ পৰা দক্ষিণপাট ঘাটৰ পৰিৱৰ্তে আফলামুখ ঘাট হ’ল ছাগলী ব্যৱসায়ৰ নতুন চিনাকী।

মাজুলীৰ দক্ষিণপাট ঘাটৰ আছিল এক সুকীয়া চিনাকী, ছাগলী বেপাৰৰ বাবে দক্ষিণপাট ঘাটক মাজুলীৰ ৰাইজৰ মাজত ছাগলী ঘাট নামেৰেই অধিক জনাজাত আছিল।

লগতে পঢ়কঃ খেৰনিৰ নিহাং গাঁৱত বনৰীয়া হাতীৰ তাণ্ডৱ

এই দক্ষিণপাট ঘাটেৰই মাজুলীৰ পৰা ছাগলী ৰপ্তানি হয় যোৰহাটলৈ। প্ৰতি সপ্তাহত শ শ ছাগলী ব্যৱসায়ীয়ে হাজাৰ হাজাৰ ছাগলী লৈ পাৰা-পাৰ হয়।

৮ ছেপ্টেম্বৰত নিমাতী ঘাটত সংঘটিত ফেৰী দুৰ্ঘটনাৰ পিছত বন্ধ হৈ পৰে সম্পূৰ্ণ ৰূপে দক্ষিণপাট ঘাট।

তাৰ পিছৰ পৰাই আজিৰ পৰা আফলামুখ ঘাটেৰে ৰাজলক্ষ্মী নামৰ এখন ফেৰী মুকলি কৰা হয় ছাগলী ব্যৱসায়ী সকলৰ বাবে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply