গুৱাহাটী : গুৱাহাটী পৌৰ নিগম কঠোৰ হৈছে। বিউটি পাৰ্লাৰ আৰু স্পাকলৈ গুৱাহাটী পৌৰ নিগম কঠোৰ হৈছে। বিউটি পাৰ্লাৰ আৰু স্পাকলৈ গুৱাহাটী পৌৰ নিগমে কেতবোৰ বাধ্যতামূলক নিৰ্দেশনা জাৰি কৰিছে।

গুৱাহাটী পৌৰ নিগমৰ নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা বিউটি পাৰ্লাৰ আৰু স্পাৰ ট্ৰেড লাইচেঞ্চ লাগিলে বিশেষ কিছুমান নীতি-নিৰ্দেশনা মানিব লাগিব। বিউটি পাৰ্লাৰ আৰু স্পাৰ ভিতৰত আছুতীয়া কোঠা থাকিব নোৱাৰিব। বিউটি পাৰ্লাৰ আৰু স্পাৰ মুখ্য প্ৰৱেশ দ্বাৰ সম্পূৰ্ণৰূপে স্বচ্ছ হ’ব লাগিব।

লগতে পঢ়ক :  ৰামানুজ জুনিয়ৰ কলেজৰ অধ্যক্ষসহ কেইবাজনো ছাত্ৰ-ছাত্ৰী আক্রান্ত ক’ভিডত

ইয়াৰ উপৰিও বিউটি পাৰ্লাৰ আৰু স্পাত বিপৰীত লিংগৰ লোকে থেৰাপি অথবা মালিচ কৰিব নোৱাৰিব। বিউটি পাৰ্লাৰ আৰু স্পাত যোগ্য থেৰাপিষ্ট থাকিব লাগিব। বিউটি পাৰ্লাৰ আৰু স্পালৈ অহা প্ৰতিজন গ্ৰাহকৰ নাম আৰু ফোন নম্বৰ সংগ্ৰহ কৰিব লাগিব ব্যৱসায়িক প্ৰতিষ্ঠানে। নিৰ্দেশনা নামানিলে ট্ৰেড লাইচেন্স বাতিল কৰা হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply