নিউজ ডেস্ক : যোৱা দশকত ভাৰতে দেশৰ প্ৰতিঘৰ মানুহলৈ বিদ্যুৎ সংযোগ স্থাপনৰ ক্ষেত্ৰত এক উল্লেখযোগ্য সাফল্য অৰ্জন কৰিছে, ২০২০ চনলৈকে দেশৰ ৯৬ শতাংশ লোকৰ ঘৰত বিদ্যুতৰ সংযোগ ঘটিছে। কিন্তু ইয়াৰ বিপৰীতে দেশৰ এক তৃতীয়াংশ বিদ্যালয় (৩৭ শতাংশ) আৰু এক চতুৰ্থাংশ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত (২৪ শতাংশ) আজি পৰ্য্যন্ত বিদ্যুতৰ সংযোগ ঘটা নাই।

স্বাস্থ্যসেৱা আৰু শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে বিভাগসমূহৰ মাজত পাৰস্পৰিক সহযোগিতা থকাতো যথেষ্ট দৰকাৰী আৰু এই ক্ষেত্ৰত চৰকাৰৰ বিভিন্ন নীতিসমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে শিক্ষা আৰু স্বাস্থ্য সম্পৰ্কীয় উন্নয়নমূলক ফলাফলসমূহত বিদ্যুতৰ ভূমিকা ৰাষ্ট্ৰীয় তথা ৰাজ্যিক স্তৰৰ নীতিসমূহত কিদৰে প্ৰতিফলিত হৈছে তাক আমি জনাতো দৰকাৰ।

এনে নীতি আৰু প্ৰণালীসমূহ বাস্তৱায়িত কৰা সন্দৰ্ভত World Resourse Institue – এ গ্ৰহণ কৰা পদক্ষেপ সম্পৰ্কে WRI India -ৰ চি ই অ’ ড০ অ’ পি আগৰৱালাই কয়, ‘WRI India -ই অসম, ঝাৰখণ্ড আৰু ৰাজস্থানত স্থাস্থ্য আৰু শিক্ষা সম্পৰ্কীয় ১০০-তকৈ অধিক নীতি সংক্ৰান্তীয় নথি আৰু শক্তিৰ সৈতে সেইসমূহৰ সম্পৰ্কক বিশ্লেষণ কৰি চাইছিল। উক্ত প্ৰতিবেদনে এই ৰাজ্যকেইখনত স্বাস্থ্য আৰু শিক্ষা নীতিসমূহক অগ্ৰাধিকাৰ দিয়াৰ ক্ষেত্ৰত থকা অন্তৰায়সমূহক বুজাৰ বাবে আমি গ্ৰহণ বিশ্লেষণক তুলি ধৰা হৈছে।’

WRI India -ৰ কেইটামান পৰামৰ্শ তলত তুলি ধৰা হৈছে –

নীতিসমূহে স্থানীয় তথ্যৰ ভিত্তিত বিদ্যুতক উন্নয়নৰ ফলাফলসমূহৰ সৈতে সংযোগ কৰিব লাগে। নীতি বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত থকা প্ৰতিবন্ধকতা প্ৰশমিত কৰাৰ বাবে স্থানীয় নীতি-নিৰ্মাতাসকলক যাতে কিছু এজেন্সি দিব পৰা যায় তাৰ বাবে পুঁজি যোগানৰ ক্ষেত্ৰত এৰা ধৰা কৰা দৰা দৰকাৰ।

স্বাস্থ্যকেন্দ্ৰ আৰু বিদ্যালয়সমূহত নিৰ্ভৰযোগ্য বিদ্যুৎ সৰবৰাহ কৰাতো ৰাজ্য বা ৰাষ্ট্ৰীয় স্তৰত কেন্দ্ৰীভূত সিদ্ধান্ত গ্ৰহণকাৰী সংস্থাসমূহৰ দায়িত্ব হোৱা উচিত। ব্যক্তিগত সুবিধাসমূহ নীতি বা কৰ্মসূচীৰ বাবে যোগ্যতা অৰ্জনৰ নিয়মেৰে ভাৰাক্ৰান্ত হ’ব নালাগে।

কাৰ্য্যকৰী পলিচি ফ্ৰেমৱৰ্কত নীতি পৰ্য্যবেক্ষণ ব্যৱস্থাৰ দৰে এক শক্তিশালী কৈফিয়ৎ তলব কৰা আৰু নিয়ম প্ৰয়োগ কৰা ব্যৱস্থা থকা দৰকাৰ। বৰ্তমানৰ পৰ্য্যবক্ষণ ব্যৱস্থাই বস্তুগত অগ্ৰগতি আৰু আৰ্থিক ব্যয় সূচকৰ ওপৰতহে গুৰুত্ব দিয়ে। ই সামগ্ৰিক উন্নয়ন আৰু কল্যাণৰ ওপৰত সম্পদৰ বৰ্ধিত প্ৰভাৱক মূল্যায়ন নকৰে। এই ধৰণৰ প্ৰমাণসমূহ সংহত নীতিসমূহৰ বিকাশ আৰু প্ৰয়োগৰ বাবে গুৰুত্বপূৰ্ণ।

ঐক্যবদ্ধ নিতীসমূহ দৰকাৰী হোৱা সত্ত্বেও যিহেতু সেইসমূহ বাঞ্ছিত ফলাফল অৰ্জনৰ বাবে পৰ্য্যাপ্ত নহয় গতিকে নীতিসমূহৰ পৰিৱৰ্তন সাধি সেইসমূহক কাৰ্য্যকৰী কৰিব পৰা ধৰণৰ আহিলাবিলাকক (যেনে প্ৰতিষ্ঠানিক কাঠামো, অৰ্থ, তথা তথ্য আৰু সমন্বয় ব্যৱস্থা) প্ৰাধ্যান্য দিয়া দৰকাৰ।

লগতে পঢ়ক :

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply