পুনৰ বিতৰ্কৰ মাজত কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়।

পুনৰ বিতৰ্কৰ মাজত কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়৷ এইবাৰ অসুস্থ ৰোগীক দিলে ম্যাদ উকলা চেলাইন। এই ঘটনাৰ পাছতেই ৰোগীৰ পৰিয়ালৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়৷

চৰকাৰী চিকিৎসালয়ৰ চিকিৎসা ব্যৱস্থাক লৈ ক্ষোভ প্ৰকাশ কৰে ৰোগীৰ আত্মীয়ই। ৰোগী গৰাকী কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰি হেল বজাৰৰ নিবাসী বুলি জানিব পৰা গৈছে।

বিগত এবছৰ ধৰি কৰ্কট ৰোগত আক্ৰান্ত আছিল মহিলা গৰাকী৷ যোৱা দুদিন আগতে অত্যাধিক কাঁহ, বমি আৰু মুৰৰ বিষ হোৱাত ৰোগী গৰাকীক পৰিয়ালৰ লোকে কোকৰাঝাৰ RNB চিকিৎসালয়ত ভৰ্তি কৰিছিল৷ ইপিনে চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে নাৰ্চে দিলে DEXTROSE নামৰ নবেম্বৰ মাহতে ম্যাদ উকলা চেলাইন৷ উক্ত চেলাইন দিয়াৰ পিছত অত্যাধিক বিষ অনুভৱ হয় ৰোগী গৰাকীৰ৷

চিকিৎসালয়খনৰ এই কাণ্ডই ৰোগী সকলৰ মাজত আতংকৰ সৃষ্টি কৰি তুলিছে৷ ইফালে ৰোগী গৰাকীৰ পৰিয়ালে বিষয়টো মুখ্যমন্ত্ৰীক দৃষ্টি গোচৰ কৰি বিহীত ব্যৱস্থা ল’বলৈ আহ্বান জনায়৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply