নিউজ ডেস্কঃ চলিত বৰ্ষৰ ৮ মাৰ্চৰ পৰা ১১ মাৰ্চলৈ গুৱাহাটী ইন্দিৰা গান্ধী ষ্টেডিয়াম অনুষ্ঠিত হ’ব ৪২ সংখ্যক আন্তঃজিলা জুনিয়ৰ আৰু ছিনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা। অসম এথলেটিকছ সন্থাৰ উদ্যোগত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাখন। এই প্ৰতিযোগিতা ল’ৰা-ছোৱালী উভয় শাখাত অনূৰ্ধ্ব ১৪, অনূৰ্ধ্ব ১৬, অনূৰ্ধ্ব ১৮, অনূৰ্ধ্ব ২০ আৰু পুৰুষ-মহিলাৰ ছিনিয়ৰ শাখাত অনুষ্ঠিত হ’ব।

এই প্ৰতিযোগিতাৰ অনূৰ্ধ্ব ১৪ শাখাৰ ইভেন্ট সমূহ ক্ৰমে- ৬০ মিটাৰ দৌৰ, ৬০০ মিটাৰ দৌৰ, হাই জাম্প, লং জাম্প, শ্বটপুট আৰু বল থ্ৰ’। অনূৰ্ধ্ব ১৬ৰ ইভেন্টসমূহ হ’ল- ১০০ মিটাৰ দৌৰ, ৩০০ মিটাৰ দৌৰ, ৮০০ মিটাৰ দৌৰ, ২০০০ মিটাৰ দৌৰ, ৮০ মিটাৰ হাৰ্ডলছ, হাই জাম্প, লং জাম্প, শ্বটপুট, ডিছকাছ থ্ৰ’, জেভেলিন থ্ৰ’, হেমাৰ থ্ৰ’, ৫০০০ মিটাৰ ৰেচ ৱাক আৰু মীডলে ৰীলে।

ইফালে, অনূৰ্ধ্ব ১৮ত ১০০ মিটাৰ দৌৰ, ২০০ মিটাৰ দৌৰ, ৪০০ মিটাৰ দৌৰ, ৮০০ মিটাৰ দৌৰ, ১৫০০ মিটাৰ দৌৰ, ৩০০০ মিটাৰ দৌৰ, ১১০ মিটাৰ হাৰ্ডলছ, ৪০০ মিটাৰ হাৰ্ডলছ, হাই জাম্প, প’লভন্ট, লং জাম্প, ত্ৰিপল জাম্প, শ্বটপুট, ডিছকাছ থ্ৰ’, জেভেলিন থ্ৰ’, হেমাৰ থ্ৰ’, ১০,০০০ মিটাৰ ৰেচ ৱাক আৰু মীডলে ৰীলে ইভেন্টসমূহ অনুষ্ঠিত হ’ব । অনূৰ্ধ্ব ২০ বছৰ শাখাত ১০০ মিটাৰ দৌৰ, ২০০ মিটাৰ দৌৰ, ৪০০ মিটাৰ দৌৰ, ৮০০ মিটাৰ দৌৰ, ১৫০০ মিটাৰ দৌৰ, ৫০০০ মিটাৰ দৌৰ, ১০,০০০ মিটাৰ দৌৰ, ১১০ মিটাৰ হাৰ্ডলছ, ৪০০ মিটাৰ হাৰ্ডলছ, হাই জাম্প, প’লভন্ট, লংজাম্প, ত্ৰিপল জাম্প, শ্বটপুট, ডিছকাছ থ্ৰ’, জেভেলিন থ্ৰ’, হেমাৰ থ্ৰ’, ১০,০০০ মিটাৰ ৰেচ ৱাক, ৪x১০০ মিটাৰ ৰীলে আৰু ৪x৪০০ মিটাৰ ৰীলে ইভেন্টসমূহ অনুষ্ঠিত হ’ব ।

আনহাতে, ছিনিয়ৰ পুৰুষ-মহিলাৰ শাখাত ১০০ মিটাৰ দৌৰ, ২০০ মিটাৰ দৌৰ, ৪০০ মিটাৰ দৌৰ, ৮০০ মিটাৰ দৌৰ, ১৫০০ মিটাৰ দৌৰ, ৫০০০ মিটাৰ দৌৰ, ১০,০০০ মিটাৰ দৌৰ, ১১০ মিটাৰ হাৰ্ডলছ, ৪০০ মিটাৰ হাৰ্ডলছ, হাই জাম্প, প’লভন্ট, লংজাম্প, ত্ৰিপল জাম্প, শ্বটপুট, ডিছকাছ থ্ৰ’, জেভেলিন থ্ৰ’, হেমাৰ থ্ৰ’, ১০,০০০ মিটাৰ ৰেচ ৱাক, ৪x১০০ মিটাৰ ৰীলে আৰু ৪x৪০০ মিটাৰ ৰীলে ইভেন্টসমূহ অনুষ্ঠিত হ’ব।

প্ৰতিযোগিতাখনত ৰাজ্যৰ ৩৫ খন জিলাৰ ৯০০ খেলুৱৈ আৰু অফিচিয়েলে অংশগ্ৰহণ কৰিব বুলি শনিবাৰে অসম অলিম্পিক সন্থাৰ সভাকক্ষত অনুষ্ঠিত এখন সংবাদমেলত অসম এথনেটিকছ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰে জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply