গুৱাহাটী : সমগ্ৰ দেশৰ লগতে অসমতো মাৰাত্মক ক’ভিডৰ দ্বিতীয়টো ঢৌৱে সংহাৰী ৰূপ ধাৰণ কৰিছে। দেশত প্ৰতিদিনে লক্ষাধিক লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈ থকাৰ সময়তে অসমতো ব্যাপক হাৰত বৃদ্ধি পাইছে আক্রান্তৰ সংখ্যা। ৰাজ্যত ক’ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ইতিমধ্যে চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে চৰকাৰে সংক্ৰমণ ৰোধৰ বাবে এক নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে।
ৰাজ্যত ক’ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে ইতিমধ্যে চৰকাৰে দিনৰ ১১ বজাৰ পৰা সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰাৰ লগতে ১২ বজাৰ পৰা ৰাজ্যজুৰি সান্ধ্য আইনৰ ঘোষণা কৰিছে। ৰাজপথত বাহন চলাচলৰ ক্ষেত্ৰতো চৰকাৰে যুগ্ম আৰু অযুগ্ম নম্বৰৰ ব্যৱস্থা কৰিছে। চৰকাৰ প্ৰশাসন ক’ভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কঠোৰ হোৱা পৰিলক্ষিত হৈছে আৰু এইবাৰ অন্য এক নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে।
আৰু পঢ়কঃ গ্ৰাম্য অঞ্চলৰ বাবে নতুন ক’ভিড-১৯ নিৰ্দেশনা মুকলি
সোমবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই নতুন নিৰ্দেশনা সন্দৰ্ভত কয় যে অহা শুকুৰবাৰৰ পৰা ৰাজ্যত আন্তঃজিলা যাতায়াত বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ক’ভিড সংক্ৰমণ ৰোধৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। গাঁওসমূহত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু শীঘ্ৰেই এই সম্পৰ্কে নিৰ্দেশনা প্ৰকাশ পাব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে। ৰাজ্যত নিষেধাজ্ঞাৰ বাবে সংক্ৰমণৰ হাৰ হ্ৰাস পাইছে বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।