গুৱাহাটী : কেতবোৰ চৰ্তসাপেক্ষে ৰাজ্যৰ সকলো জিলা সামৰি আন্তঃজিলা যাতায়ত পুনৰ মুকলি। ৰাজ্য চৰকাৰে নতুন এছ অ’ পিত আন্তঃজিলা যাতায়ত মুকলি কৰাৰ ঘোষণা কৰিছে। অৱশ্যে কেতবোৰ চৰ্তসাপেক্ষে চৰকাৰে পুনৰ আন্তঃজিলা আৰু অন্তঃ জিলা যাতায়ত পুনৰ মুকলি কৰিছে।

ৰাজ্যত আন্তঃজিলা আৰু অন্তঃজিলা যাতায়তৰ ক্ষেত্ৰত চৰকাৰী-বেচৰকাৰী ৰাজহুৱা পৰিবহন ব্যৱস্থাৰ বাছ আদিত ১০০ শতাংশ আসনতে যাত্ৰী পৰিবহনত অনুমতি প্ৰদান কৰা হৈছে নতুন এছ অ’ পিত। কিন্তু কোনো যাত্ৰী পৰিবাহী বাহনেই আসন সংখ্যাৰ অতিৰিক্তভাৱে থিয় কৰি যাত্ৰী নিব নোৱাৰিব।

যাত্ৰী থিয় কৰি নিয়া বাহন ধৰা পৰিলে, তেনে বাহন আৰু থিয় হৈ যোৱা যাত্ৰীৰ ওপৰত বৰ্ধিত হাৰত জৰিমণা বিহাৰ লগতে চালকৰ অনুজ্ঞাপত্ৰ আৰু গাড়ীৰ পঞ্জীয়ন বাতিল কৰা হ’ব। কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা লোকেহে আন্তঃজিলা আৰু অন্তঃজিলা যাতায়ত কৰিব পাৰিব। যাতায়তৰ সময়ত যাত্ৰীয়ে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।

অটো ৰিক্সা, চাইকেল ৰিক্সা, টেক্সীৰ ক্ষেত্ৰতো ১০০ শতাংশ আসনতে যাত্ৰী পৰিবহনত অনুমতি প্ৰদান কৰা হৈছে যদিও কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা আৰু মাস্ক পৰিধান কৰাটো যাত্ৰী-চালকৰ বাবে বাধ্যতামূলক। কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা লোকৰ ক্ষেত্ৰত বাইক-মটৰ চাইকেলত দুজন লোক উঠাত অনুমতি প্ৰদান কৰা হৈছে আৰু এই ক্ষেত্ৰতো মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।

লগতে পঢ়ক : পাঠদান পুনৰ আৰম্ভ কৰিবলৈ নতুন এছ অ’ পিত আছে কেইবাটাও নিৰ্দেশনা

ব্যক্তিগত লঘু যান-বাহনেৰে যাত্ৰা কৰিলেও সকলো যাত্ৰীৰ বাবেই মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। ইয়াৰ লগতে নতুন এছ অ’ পি অনুসৰি এজন লোকে অকলে যাত্ৰা কৰিলেও মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply