কাৰ্বিআংলঙৰ কেইবাটাও সংগঠনৰ স্মাৰকপত্ৰ

ডিফু : অসমৰ চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে সীমা সমস্যাক কেন্দ্ৰ কৰি মাজে সময়ে সীমান্ত এলেকাত উত্তেজনাৰ সৃষ্টি হৈ অহাৰ সময়তে সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত ’দিয়া-লোৱা’ নীতিৰ প্ৰসংগক কেন্দ্ৰ কৰি কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন দল-সংগঠনে বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অহাৰ সময়তে কাৰ্বি আংলং জিলাৰ কেইবাটাও সংগঠনে ’দিয়া-লোৱা’ নীতিৰ স্পষ্ট বিৰোধিতাৰে অসমৰ মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

ইউনাইটেড প্ৰটেকশ্যন অৱ কাৰ্বি আংলং, ইউনাইটেড কাৰ্বি য়ুথ কাউন্সিল, সদৌ ভাৰত কাৰ্বি ছাত্ৰ সন্থা প্ৰভৃতি সংগঠনে আজি জিলা উপায়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰা স্মাৰকপত্ৰত সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰৰ ’দিয়া-লোৱা’ নীতিৰ বিৰোধিতা কৰাৰ লগতে এনে নীতি প্ৰত্যাহাৰ কৰা, সকলো পক্ষ আৰু সামাজিক সংগঠনক এই প্ৰক্ৰিয়াত জড়িত কৰা আৰু সীমান্তৰ বিবদমান এলেকাত মেঘালয়ৰ আমোলা-বিষয়াৰ অনাধিকাৰ প্ৰৱেশ বন্ধ কৰা তথা এনে স্থানত মেঘালয় চৰকাৰৰ তৰফৰ পৰা কোনোধৰণৰ উন্নয়নমূলক আঁচনি বন্ধ কৰাৰ দাবী জনোৱা হয়।

লগতে পঢ়ক মৰিগাৱৰ মায়ং ভূৰাগাৱত বানৰ তান্ডব, বৰডোবাটুপত,বৰদিয়াত দুটা শিশুৰ মৃত্যু

মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে গুৱাহাটীত হোৱা আলোচনাৰ সময়ত অসমে পশ্চিম কাৰ্বি আংলঙৰ উমলাফেৰ অঞ্চল গটাই গুৱাহাটীৰ কইনাধৰা অঞ্চল নিজৰ হাতত ৰখা সম্পৰ্কে এক বুজাবুজিত উপনীত হোৱা বুলি জানিবলৈ পাই জাঙোৰ খাই উঠিছে কাৰ্বিআংলঙৰ দল সংগঠন সমূহ । উক্ত আলোচনাত কাৰ্বিপাহাৰৰ উমলাফেৰ, উমাত, মুৰাপ, উমটেলী, উমচেৰাং, মাব’পুতে, শিলভেটা, উমৰু আদি অঞ্চল মেঘালয়ক গটাব খোজা কাৰ্যৰ তীব্ৰ বিৰোধ কৰিছে কাৰ্বিআংলঙৰ দল সংগঠন সমূহে ।


সদৌ কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি ছেমছং টেৰনে ১৯৫১ চনৰ সীমা চুক্তি উলংঘন কৰিব খোজা কাৰ্যৰ তীব্ৰ বিৰোধীতা কৰি কাৰ্বি স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙক স্মাৰক পত্ৰ প্ৰদান কৰিছে । পশ্চিম কাৰ্বি আংলঙৰ ২১ খন গাৱত খাচী লোকে বসবাস কৰাৰ অজুহাতত সীমা দখল কৰিব খোজা মেঘালয়ে চলোৱা কাৰ্যৰ তীব্ৰ সমালোচনা কৰি ইয়াৰ ভয়াবহ পৰিনাম হোৱাৰ শংকাত ভুগিছে গাওবাসী ।

যি সময়ত সীমামূৰীয়া অঞ্চলটোত মেঘালয় চৰকাৰে উন্নয়ন মূলক কামকাজ চলাই গৈছে সেইসময়ত অসম চৰকাৰে সেই অঞ্চলবোৰ উন্নয়নত মুঠেই গুৰুত্ব নিদিয়াকৈ আছে । শেহতীয়াকৈ উমলাফেৰ অঞ্চলত মেঘালয় আৰক্ষী আহি অসমৰ মাটিত অসম আৰক্ষীৰ তালাচী চকী লন্ডভন্ড কৰা ঘটনাক লৈ যথেষ্ট উত্তেজনাৰ সৃষ্টি হৈছিল । যোৱা বুধবাৰৰ দিনা উমলাফেৰৰ পৰা শ্বিলঙলৈ যোৱা দুখ বাহনৰ ওপৰতো আক্ৰমন হৈছিল ।

লগতে পঢ়ক ড্ৰাগছৰ বাবে অসমত ভয়াবহভাৱে বৃদ্ধি পাইছে এইচ আই ভি আক্রান্তৰ সংখ্যা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply