শিৱসাগৰ পৰা আমিনুৰ ৰহমান : শিৱসাগৰত আন্ত:ৰাজ্যিক বাইক চুৰি চক্ৰৰ সৈতে জড়িত এজন কুখ্যাত চোৰক হাতেলুটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে শিৱসাগৰ আৰক্ষী।
শিৱসাগৰ নগৰৰ এ.টি. ৰোডৰ মিলন মন্দিৰৰ সন্মুখত অৱস্থিত ইণ্ডাছইণ্ড বেংকৰ কাষ্টমাৰ ইঞ্চুৰেঞ্চ ডিভিজনৰ কাৰ্য্যালয়ৰ তলৰ পৰা বিশ্বজিত ফুকন নামৰ বেংকৰ কৰ্মচাৰীৰ AS04 – Z – 3123 নম্বৰৰ এখন বাজাজ পালচাৰ 220 বাইকৰ তলা ভাঙি চুৰ কৰিব বিচাৰিচিল৷
শিৱসাগৰ আৰক্ষীয়ে মঙ্গলবাৰে সন্ধিয়া স্থানীয় ৰাইজৰ সহযোগত বাইক চোৰটোক খেদি খেদি নগৰৰ এ. এচ. টি.চি. বাছ আস্থানৰ সমীপত ধৰে৷
আন্ধাৰৰ সুযোগ লৈ লগত থকা আন এটা চোৰ পলাই যাবলৈ সক্ষম হয়।
নাগালেণ্ডৰ মন জিলাৰ নামচাই থানা অন্তৰ্গত নমতাহো নিবাসী ৱাংবটা কন্যাক নামৰ চোৰটো নামতোলাৰ পৰা আন এটা চোৰৰ লগত শিৱসাগৰলৈ আহিছিল।
এই চুৰিকাণ্ডৰ সন্দৰ্ভত আৰক্ষীয়ে আই. পি.চি.৩৭৯ ধাৰাত ৭৮/২০২২ সংখ্যক গোচৰ ৰুজু কৰি ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
লগতে পঢ়ক – হিজাব পৰিধানৰ সমৰ্থনত গুৱাহাটীৰ এখন বিদ্যালয়