নগাঁওঃ প্ৰতিভা আৰু সপোন জয়ী হোৱাৰ হেঁপাহ থাকিলে হাজাৰ বাধাও হেঙাৰ হ’ব নোৱাৰে। নগাঁৱৰ কচলুখোৱাৰ চাহিল হুছেইনে পাঞ্জা চেম্পিয়নশ্বিপত স্বৰ্ণ আৰু ৰূপৰ পদক অৰ্জন কৰিছে।
উল্লেখ্য যে, হাইদৰাবাদত বিগত ৩১ মে’ৰ পৰা ৫ জুনলৈকে অনুষ্ঠিত হোৱা ৪৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নশ্বিপত অংশ গ্ৰহণ কৰি এই দুটা পদক লাভ কৰিবলৈ সক্ষম হৈছে নগাঁৱৰ যুৱকজন। হাইদৰাবাদত অনুষ্ঠিত হোৱা এই পাঞ্জা চেম্পিয়নশ্বিপত অসমৰ পৰা মুঠ ২৯ গৰাকী পাঞ্জা খেলুৱৈয়ে অংশ গ্ৰহণ কৰিছিল।
মন কৰিবলগীয়া যে, ধনৰ অভাৱত চাহিল হুছেইনে নিজই পাঞ্জা খেলৰ অনুশীলন কৰিছিল। বৰ্তমান চাহিলে নিজৰ লগতে আন খেলুৱৈকো পাঞ্জাৰ প্ৰশিক্ষণ দি আছে বুলি জানিব পৰা গৈছে।
আগন্তুক অক্টোবৰত তুৰ্কী আণ্টালিয়াত অনুষ্ঠিত হ’বলগীয়া পাঞ্জা খেলত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিব চাহিলে। তুৰ্কী আণ্টালিয়াত অনুষ্ঠিত হ’ব লগীয়া পাঞ্জা খেলত জয়ী হৈ সকলোৰে সন্মুখত ভাৰতৰ জাতীয় পতাকা উৰুৱাবলৈ সপোন আৰু হেঁপাহ পুহি ৰাখিছে খেলুৱৈগৰাকীয়ে। ধনৰ অভাৱৰ বাবে যাতে পুত্ৰৰ এই সপোন থমকি নাযায় তাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা বিচাৰিছে চাহিলৰ মাতৃয়ে সহায়।