কংকণ কিশোৰ দত্ত

স্মৃতি ৰেখা লাহন, টীয়ক: আমেৰিকাৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠান NASA ৰ অন্তৰ্গত international Asteroid Search Campaign চমুকৈ IASC ৰ গ্ৰহানু বা উল্কাপিণ্ড অনুসন্ধান অভিযানত অংশগ্ৰহণ কৰি সফলতাৰে চাৰিটাকৈ উল্কাপিণ্ড চিহ্নিত কৰি NASA ৰ ৱেবছাইটত উল্কাপিণ্ডৰ পৰ্যবেক্ষক-আৱিষ্কাৰক হিচাপে নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে টীয়কৰ বামুণপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক , বনাই তুলসী জানৰ নিবাসী কংকণ কিশোৰ দত্তই ।

দত্তৰ উপৰি ৰবীন্দ্ৰ বিদ্যাপীঠ মধ্য ইংৰাজী বিদ্যালয়ৰ ৰাজীৱ ৰঞ্জন ধৰ, গঙ্গাচৰণ ধনদা বিদ্যাশ্ৰম মধ্য ইংৰাজী বিদ্যালয়ৰ দেৱস্মিতা পাল আৰু সৰ্ব শিক্ষা মিচন গুৱাহাটীৰ কুলদীপ শেনচোৱাইও এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ।আমেৰিকাৰ হাৱাইত থকা PAN STARRS টেলিস্কোপৰ পৰা মহাকাশৰ ফটো সংগ্ৰহ কৰি বিশেষ কম্পিউটাৰ প্ৰগ্ৰামৰ সহায়ত বিশ্লেষণ কৰি পোৱা প্ৰতিবেদন IASC ক যোগান ধৰিছিল এওঁলোকে।

দলীয় ভাবে এই কাৰ্যসূচীত ভাৰত চৰকাৰৰ অন্তৰ্গত স্বতন্ত্ৰীয় সংস্থা বিজ্ঞান প্ৰচাৰ (VIPNET)ৰ হৈ কাম কৰিছিল। ক’ভিড মহামাৰীৰ দুৰ্দিনৰ সময়ত আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠা অসমৰ চাৰি শিক্ষকৰ এই সফলতাক সমগ্ৰ অসমৰ বিদ্বান মহলে শুভেচ্ছা জনাইছে।ইপিনে কংকণৰ এই সফলতাত সমগ্ৰ টীয়কবাসীয়ে এতিয়া গৌৰৱ অনুভৱ কৰি অনাগত দিনতো এনে কাৰ্যৰ জড়িয়তে কংকণে সমগ্ৰ ৰাজ্যবাসীক গৌৰাম্বিত কৰি তুলিব বুলি আশা প্ৰকাশ কৰিছে।

লগতে পঢ়ক নাগালেন্ডৰ ধমকিত বন্ধ অসমৰ সীমাত থকা অ’এন জি চিৰ তেলখাদ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply