গুৱাহাটী : আন্তৰ্জাতিক সংবাদ কৰ্মী সুৰক্ষা সংস্থা ‘প্ৰেছ এম্ব্লেম কেম্পেইন’ৰ বাৰ্ষিক পুৰস্কাৰ লাভ কৰিছে অসমৰ জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়াই। ভাৰতৰ লগতে দক্ষিন-পূব এছিয়াৰ কৰ্মৰত সাংবাদিকৰ অধিকাৰ, সুৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত আগবঢ়োৱা অৰিহণাৰ বাবে জেনেভাস্থিত ‘পিইচি’য়ে এই বছৰ অসমৰ জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়াক এই বঁটাৰে সন্মানিত কৰে।

উল্লেখ্য যে, এই সন্মান লাভ কৰা অসমৰ জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়া হ’ল ভাৰতৰ প্ৰথম গৰাকী সাংবাদিক। এই বছৰ বৰ্তমানলৈ ভাৰতত ৬ গৰাকী সাংবাদিকৰ হত্যাৰ তথ্য প্ৰকাশ পাইছে। তদুপৰি ২০২০ চনৰ মাৰ্চৰ পৰা কোৰোনা ভাইৰাছৰ চিকাৰ হৈ মৃত্যুবৰণ কৰিছে প্ৰায় ৩০০ সাংবাদিকে। নিজ দেশৰ লগতে নৱ ঠাকুৰীয়াই চুবুৰীয়া ৰাষ্ট্ৰ ব্ৰক্ষ্মদেশৰ সাংবাদিক সকলৰো নিৰ্যাতনৰ তথ্য সংগ্ৰহ কৰিছে। যোৱা ১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা সামৰিক শাসনৰ কালত প্ৰায় ১২০ গৰাকী সাংবাদিকক আটক কৰা হৈছে।

লগতে পঢ়ক : ভাৰতীয় মূলৰ পৰাগ আগৰৱাল Twitter ৰ নতুন CEO

অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ স্নাতক নৱ ঠাকুৰীয়াই পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ সংবাদ মাধ্যমত নিজ অঞ্চলৰ বা-বাতৰি আৰু প্ৰবন্ধ প্ৰকাশ কৰি আহিছে। পিইচি (www.pressemblem.ch)ৰ এই সন্মানে দক্ষিন আৰু দক্ষিন-পূব এছিয়াৰ সাংবাদিকসকলৰ প্ৰত্যাহ্বানৰ প্ৰসংগ আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ কঢ়িয়াই নিব বুলি অসমৰ জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়া আশাবাদী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply