নিউজ ডেস্ক : প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰা আমাৰ উত্তৰ-পূৰ্বাঞ্চল জৈৱ বৈচিত্ৰৰ এক অত্যন্ত চহকী অঞ্চল। এই অঞ্চলটো ইণ্ডো-বাৰ্মা বায়’ডাইভাৰ্চিটি হটস্পটৰ অধীনত পৰে। ইণ্ডো-বাৰ্মা বায়’ডাইভাৰ্চিটি হটস্পট বিশ্বৰ ২৫ টা বায়’ডাইভাৰ্চিটি হটস্পটৰ ভিতৰত ষষ্ঠ স্থানত আছে। উত্তৰ-পূবৰ ৰাজ্য কেইখনৰ প্ৰায় ৬০ শতাংশ বনাঞ্চলেৰে ঢাক খাই আছে।
জীৱ প্ৰভা আৰু ড০ অঞ্জু জৈনৰ “Northeast India: A Unique Biodiversity Hotspot” নামৰ গৱেষণামূলক লেখাটোৰ পৰা তলত তুলি ধৰা কথা কেইটাই উত্তৰ-পূবক কিয় জৈৱ বৈচিত্ৰ্যৰ হটস্পট হিচাপে ধৰা হয় তাক প্ৰমাণ কৰে।
উত্তৰ-পূবত পোৱা বিভিন্ন উদ্ভিদকুল –
- ভাৰতত পোৱা ৯ বিধ গুৰুত্বপূৰ্ণ উদ্ভিদৰ ভিতৰত ৬ বিধ উদ্ভিত উত্তৰ-পূবত পোৱা যায়।
- উদ্ভিদৰ প্ৰজাতিৰ বৈচিত্ৰৰ ক্ষেত্ৰত অৰুণাচল প্ৰদেশ আৰু ছিকিম আটাইতকৈ বেছি চহকী।
- ১,৫০০ বিধ বিপন্ন উদ্ভিদৰ ভিতৰত ৮০০ বিধ উত্তৰ-পূবত পোৱা যায়।
- উত্তৰ-পূবত বিভিন্ন ধৰণৰ ঔষধি গছ পোৱা যায়, ইয়াৰে অৰুণাচল প্ৰদেশত ২০০ বিধ, নাগালেণ্ডত ৫২৬ বিধ, ত্ৰিপুৰাত ১৯৪ বিধ আৰু মেঘালয়ত ৮৩৪ বিধ প্ৰজাতি পোৱা যায়।
উত্তৰ-পূবত পোৱা বিভিন্ন প্ৰাণীকুল –
- উত্তৰ-পূবত ৩,৬২৪ বিধ পোক-পতংগ, ২৩৬ বিধ মাছ, ৫৪১ বিধ চৰাই আৰু ১৬০ বিধ প্ৰজাতিৰ স্তন্যপায়ী জীৱ পোৱা যায়।
- পাত হৰিণ (leaf deer) আৰু টাৱাং মাকাক (Tawang macaque) আদি নতুন প্ৰজাতিৰ জীৱ এই অঞ্চলত দেখিবলৈ পোৱা যায়।
- ভাৰতত থকা ভালুকৰ সকলো প্ৰজাতি এই অঞ্চলত উপলব্ধ।
- ইয়াৰ উপৰি এছীয় হাতী (Asian elephants), এশিঙীয়া গঁড়, ছাংগাই হৰিণ, বনৰীয়া ম’হ আদি পোৱা যায়।
- বিভিন্ন প্ৰজাতিৰ সাপৰ ক্ষেত্ৰতো উত্তৰ-পূব যথেষ্ট চহকী।
লগতে পঢ়ক : সোণাৰিৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চল এতিয়া লাগে নাগালেন্ডক