নিউজ ডেস্কঃ সভ্যতা আৰু সংস্কৃতিৰ বাবে মেৰুদণ্ড স্বৰূপ হৈছে মাতৃভাষা। একোটা জাতি তথা এখন সমাজৰ দাপোনস্বৰূপ মাতৃভাষা। সোমবাৰে অৰ্থাৎ ২১ ফেব্ৰুৱাৰীত পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস। ইফালে, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই বিশেষ দিনটোত ছচিয়েল মিডিয়াযোগে ৰাজ্যবাসীক জনাই আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱসৰ শুভেচ্ছা।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ছচিয়েল মিডিয়াত লিখিছে- ‘মাতৃভাষা মাতৃদুগ্ধসম। আইৰ মুখৰ ভাষাটোৰ প্ৰতি সকলোৰে আদৰ আইৰ মৰমৰ দৰেই নিভাঁজ আৰু অনন্য। ভাষা একোটা জাতিৰ অথবা এখন সমাজৰ দাপোণস্বৰূপো। বিশ্বায়নৰ এই যুগত সুৱদিসুৰীয়া মাতৃভাষাৰ শুদ্ধ চৰ্চা, অধ্যয়ন আৰু প্ৰচাৰৰদ্বাৰা ইয়াক সংৰক্ষণ কৰাটো আমাৰ সকলোৰে দায়িত্ব।’
উল্লেখযোগ্য যে, ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰ তথা বহুভাষাবাদৰ বিষয়ে সজাগতা সৃষ্টিক উদগনি যোগাবৰ বাবে প্ৰতি বছৰে ২১ ফেব্ৰুৱাৰী দিনটোক আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাপে পালন কৰা হয়। ১৯৯৯ চনৰ ১৭ নৱেম্বৰত ইউনেস্কোই প্ৰথম এই দিৱসৰ কথা ঘোষণা কৰে। ১৯৯৯ চনত ইউনেস্কোই এই দিৱসৰ কথা ঘোষণা কৰাৰ পিছত ২০০০ চনত ৰাষ্ট্ৰসংঘৰ সদস্য দেশসমূহে ২১ ফেব্ৰুৱাৰীক যথাযথ মৰ্যদাৰে পালন কৰে এই দিনটো।