নিউজ ডেস্কঃ ভাৰতীয় তেল নিগমৰ নুনমাটি,বেতকুছি,বঙাইগাওঁ,মিছামাৰী,লামডিং টাৰ্মিনেলত প্ৰতিবাদ।
ভাৰা বৃদ্ধিৰ দাবীলৈ গুৰুত্ব নিদিয়াৰ বাবে ৬টা টাৰ্মিনেলত এই প্ৰতিবাদ।
এই প্ৰতিবাদৰ ফলত ইন্ধনৰ যোগান ব্যাহত হোৱাৰ আশংকা।
উত্তৰ-পূবৰ আন সকলো টেংকাৰ মালিকসকলক সহযোগ কৰাৰ আহ্বান।
লগতে পঢ়কঃঘোষণা কৰা হ’ল ২০২১ চনৰ ৰাজ্যিক প্ৰাথমিক টেট পৰীক্ষাৰ ফলাফল
ইপিনে উত্তৰ-পূব পেট্ৰ’লিয়াম পৰিবহণ সংস্থাৰ তিনিদিনীয়াকৈ ধৰ্মঘট ঘোষণা কৰে।
৭২ ঘণ্টাৰ বাবে বন্ধ থাকিব লোডিং, আনলোডিং, পৰিবহণ।
১৬ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ সৰ্বাত্মক অসহযোগ আন্দোলন।
১৬ ডিচেম্বৰৰ পুৱা ৫ বজাত আৰম্ভ হ’ব ধৰ্মঘট কাৰ্যসূচী।
ধৰ্মঘট কাৰ্যসূচী চলি থকা সময়ত বন্ধ থাকিব পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ সৰবৰাহ।