ছয়গাঁও: ছয়গাঁৱত আইপিলৰ এজন জুৱাৰী আটক। ছয়গাঁও আৰক্ষীৰ অভিযানত আটক হয় আইপিলৰ জুৱাৰীজন। জুৱাৰীজনৰ নাম হাবিৰ জাহিৰুদ্দিন।

ছয়গাঁও আৰক্ষীৰ ড্ৰাগছ, মদ, গাঞ্জা তথা অপৰাধমূলক কাৰ্যৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। এই অভিযান অব্যাহত থকাৰ সময়তে শনিবাৰে নিশা ছয়গাঁও আৰক্ষীয়ে লাভ কৰা এক গোপন খবৰৰ ভিত্তিত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত গৰৈমাৰীৰ বিহাপাৰত অভিযান চলাই এজন আইপিএল জুৱাৰী আটক কৰে।

লগতে পঢ়ক : বিদেশীক সমৰ্থন কৰি খিলঞ্জীয়াক নস্যাৎ কৰাৰ অধিকাৰ নাই শ্বেৰমানৰ

জুৱাৰীজনৰ পৰা আৰক্ষীয়ে ২ টা মবাইল ফোনসহ আইপিএল জুৱাৰ লগত জড়িত বহু নথিপত্ৰ জব্দ কৰে। আৰক্ষীয়ে আটক কৰা জুৱাৰীজন হ’ল গৰৈমাৰী শিঙিমাৰী হাবিৰ জাহিৰুদ্দিন। উক্ত লোকজনক আৰক্ষীয়ে আটক কৰি নিশাই ছয়গাঁও আৰক্ষী থানালৈ লৈ যায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply