নিউজ ডেস্কঃ এগৰাকী সুদক্ষ,নিষ্ঠাৱান আই পি এছ অফিচাৰ আনন্দ মিশ্ৰ। এতিয়া সামাজিক মাধ্যমৰ এগৰাকী চৰ্চিত ব্যক্তি।

প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ে হৃদয়ে এতিয়া সোমাই পৰিছে এইগৰাকী সুদক্ষ আৰক্ষী বিষয়া।

এখন সমাজক কেনেকৈ অপৰাধ মুক্ত কৰি কেনেকৈ মানুহৰ জীৱন প্ৰণালী সু নিয়ন্ত্ৰিত কৰিব লাগে সেয়া তেওঁৰ মূল লক্ষ্য়।

তেওঁৰ পিতৃ বিহাৰৰ ভোজপুৰ জিলাৰ স্থায়ী বাসিন্দা । দেউতাকৰ কৰ্মসূত্ৰে তেওঁ ১ জুন ১৯৮৯ চনত কলকতাত জন্ম গ্ৰহণ কৰে । পিতৃ হিন্দুস্তান মটৰছৰ এগৰাকী অভিযন্তা ।

অষ্টম শ্ৰেণীত পঢ়ি থকাৰ পৰা তেওঁ প্ৰশাসনিক বিষয়া হোৱাৰ সপোন দেখিছিল। ২০০৫ চনৰে পৰা অসামৰিক সেৱাৰ বাবে পশ্চিম বংগত প্ৰস্তুতি চলাই ২০১০ চনত ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত ২২৫ ৰেংকত তেওঁ উত্তীৰ্ণ হয়। ২০১১ চনত প্ৰথম মেঘালয়ত যোগদান কৰে।

IPS প্ৰশিক্ষণ সমাপ্ত কৰি ২০১৩ চনৰ পৰা ২০১৭ চনলৈ তেওঁ মেঘালয়ত প্ৰশাসনিক বিষয়া হিচাপে কাম কৰি অসমলৈ বদলি হয় ।

আৰু পঢ়কঃচাইক্ল’ন য়াছ : অসমকে ধৰি উত্তৰ-পূবত প্ৰচণ্ড বহাত-বৰষুণৰ সম্ভাৱনা

২০১৮ চনৰ পৰা বৰ্তমানলৈকে তেওঁ অসমত কৰ্মৰত। গুৱাহাটী, চৰাইদেউ, সোণাৰি, ধুবুৰী পিছত এইবাৰ তেওঁ বদলি হ’ল নগাওঁ জিলালৈ।

নগাঁও জিলাত যোগদান কৰিয়েই কেৰালাৰ পৰা অহা অসমত আবদ্ধ হৈ থকা বাছচালকৰ কাষত আইপিএছ আনন্দ মিশ্ৰা। যোগদানৰ প্ৰথম দিনাই পৰিচয় দিলে মানৱতাৰ নিদৰ্শন।

ইয়াৰ পিছতেই ড্ৰাগছৰ বিৰুদ্ধে চলালে অভিযান। ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি জব্দ কৰিলে বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য।

২০২০ চনত আনন্দ মিশ্ৰাই সফল কৰ্মৰাজিৰ বাবে মুখ্যমন্ত্ৰীৰ আৰক্ষী পুৰস্কাৰো লাভ কৰিছিল । ফেইম ইণ্ডিয়া মেগাজিনৰ জৰীপত ২০২১ চনত ৫০ জন জনপ্ৰিয় আৰক্ষী বিষয়াৰ তালিকাত অন্তৰ্ভূক্ত হৈছিল আনন্দ মিশ্ৰ।

গীটাৰ বজাই, গান গাই, দুঃসাহসিক ভ্ৰমণ কৰি ভাল পাই এইজন আৰক্ষী বিষয়াই।

জীৱনৰ মাত্ৰ ৩১ টা বছৰ গৰকা এই আৰক্ষী বিষয়াজনৰ সফল কৰ্মৰাজীয়ে এতিয়া সমগ্ৰ অসমবাসীৰ হৃদয় স্পৰ্শ কৰি গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply