নগাঁও : নগাঁৱত আহিয়ে ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিলে আই পি এছ বিষয়া আনন্দ মিশ্ৰই। নগাঁৱত ড্ৰাগছ বিৰোধী অভিযানত নামিল জিলাখনৰ নতুন আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰা। বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক কৰিলে এজন ড্ৰাগছ সৰবৰাহকাৰীক। বটদ্ৰৱাৰ পৰা বৃহৎ পৰিমাণৰ হেৰ’ইন আৰু ব্ৰাউন ছুগাৰসহ আটক কৰিলে ড্ৰাগছ সৰবৰাহকাৰী চিৰাজুল ইছলামক।

ধুবুৰী জিলাৰ প্ৰাক্তন আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰা এতিয়া নগাঁৱৰ নতুন আৰক্ষী অধীক্ষক। ধুবুৰীৰ আৰক্ষী অধীক্ষকৰ দায়িত্বত থকা সময়ত আনন্দ মিশ্ৰা হৈ পৰিছিল জিলখনৰ ড্ৰাগছ মাফিয়া সকলৰ বাবে মূৰৰ কামোৰণী। এইগৰাকী আৰক্ষী বিষয়াক ভয়ত ধুবুৰীৰ ড্ৰাগছ মাফিয়া সকল ড্ৰাগছৰ অবৈধ বেহা চলাই নিয়াৰ বাবে এশবাৰ চিন্তা কৰিব লগীয়া হৈছিল। নিজৰ কার্যলায়ত আনন্দ মিশ্ৰাই ধুবুৰীক ড্ৰাগছ মুক্ত কৰিবলৈ বহুখিনি সক্ষম হৈছিল।

ধুবুৰীৰ পিছত এইবাৰ আনন্দ মিশ্ৰা বদলি হৈ আহিছে ড্ৰাগছৰ ঘটিত পৰিণত হোৱা নগাঁও জিলালৈ। জিলাখনৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব লাভ কৰিয়ে একচনত আহিছে আনন্দ মিশ্ৰা। নগাঁৱত আনন্দ মিশ্ৰাই ঘোষণা কৰিছে ড্ৰাগছৰ বিৰুদ্ধে জেহাদ। ইয়াৰে প্ৰমাণ পোৱা গ’ল বুধবাৰে।

বুধবাৰে নগাঁৱৰ বটদ্ৰৱাত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে এক ড্ৰাগছ বিৰোধী অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰে। বটদ্ৰৱাৰ পৰা চিৰাজুল ইছলাম নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ হেৰ’ইন আৰু ব্ৰাউন ছুগাৰ। ড্ৰাগছ সৰবৰাহকাৰী চিৰাজুল ইছলামৰ কবলৰ পৰা ৩২ গ্ৰাম হেৰ’ইন আৰু ১২ পেকেট ব্ৰাউন ছুগাৰ জব্দ কৰে আৰক্ষীয়ে।

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ নন্দিল বিশ্ব শৰ্মাই আগবঢ়ালে ধন!গৌৰাম্বিত মুখ্যমন্ত্ৰী পিতৃ

উল্লেখ্য যে বিগত কিছুবছৰ ধৰি নগাঁও জিলা ড্ৰাগছৰ ঘটিত পৰিণত হৈছে। জিলাখনৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ ব্যাপক প্ৰচলন দেখিবলৈ পোৱা যায়। নগাঁও আৰক্ষীয়ে পূৰ্বেও ড্ৰাগছ বিৰোধী অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে কেইবাগৰাকী সৰবৰাহকাৰীক আটক কৰিছে যদিও বৰ্তমানেও জিলাখনত ব্যাপক হাৰত ড্ৰাগছৰ প্ৰচলন পৰিলক্ষিত হৈছে। এইবাৰ নতুন আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰাৰ নেতৃত্বত জিলাখন ড্ৰাগছ মুক্ত হ’ব বুলি জিলাখনৰ ৰাইজে আশা প্ৰকাশ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply