নগাঁও : এগৰাকী আই পি এছ বিষয়া, যি গৰাকী আই পি এছ বিষয়াৰ নাম শুনিলেই বুকু কপি উঠে অবৈধ ড্ৰাগছৰ বেহাৰ লগত জড়িত লোক সকলক। এই গৰাকী আই পি এছ বিষয়াৰ নাম আনন্দ মিশ্ৰ। নামনি অসমৰ ধুবুৰী জিলাত আৰক্ষী অধীক্ষক হিচাপে কৰ্তব্যৰত হৈ থকা সময়ত জিলাখনৰ ড্ৰাগছ ব্যৱসায়ী সকলৰ মূৰৰ কামোৰণী হৈ পৰিছিল আই পি এছ বিষয়া আনন্দ মিশ্ৰ। ধুবুৰীক বহু পৰিমাণে ড্ৰাগছ মুক্ত কৰিবলৈ সক্ষম হোৱা এই গৰাকী বিষয়া বদলি হৈ আহিছে ড্ৰাগছ ঘটি হিচাপে চিহ্নিত নগাঁও জিলাত।
কিছুদিন পূৰ্ব নগাঁও জিলালৈ বদলি হৈ আহিয়ে আই পি এছ বিষয়া আনন্দ মিশ্ৰাই আৰম্ভ কৰিছে নিজৰ কাম। জিলাখনত ভৰি থৈয়ে জিলাখনক ড্ৰাগছ মুক্ত কৰাৰ বাবে আনন্দ মিশ্ৰাই ড্ৰাগছৰ বিৰুদ্ধে ঘোষণা কৰিছে জেহাদ। নগাঁৱৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব লাভ কৰিছে আনন্দ মিশ্ৰই আৰম্ভ কৰিছে ধাৰাবাহিক ড্ৰাগছ বিৰোধী অভিযান। বুধবাৰে আনন্দ মিশ্ৰাৰ নেতৃত্বত ড্ৰাগছ বিৰোধী অভিযান চলাই নগাঁও আৰক্ষীয়ে এক বৃহৎ সাফল্য লাভ কৰাৰ পিছত বৃহস্পতিবাৰেও এই ধাৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে।
লগতে পঢ়ক : ত্ৰিপুৰাৰ খেতিয়কৰ সাফল্য! ডুবাইৰ পিছত এইবাৰ ইংলেণ্ডলৈ ৰপ্তানি ত্ৰিপুৰাৰ কঁঠাল
নগাঁৱত আই পি এছ বিষয়া আনন্দ মিশ্ৰই আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰাৰ পিছত বৃহস্পতিবাৰে ড্ৰাগছৰ ঘাটিত অভিযান চলিল জুৰীয়া আৰক্ষীৰ। জুৰীয়াৰ মাহগুৰীৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী ফখৰুদ্দিনৰ ঘৰত চলালে এই অভিযান ৷ জুৰীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃগেন শইকীয়াৰ নেতৃত্বত চলা এই অভিযানত আৰক্ষীয়ে ৫০ হেজাৰ টকাৰ ব্ৰাউন ছুগাৰ, এটা কলা ৰঙৰ পালচাৰ বাইকৰ লগতে দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজন আলিটাঙনীৰ পাৰবিচ আলম আৰু মাহগুৰীৰ আবু হানিফা বুলি জানিব পৰা গৈছে। অৱশ্যে এই অভিযানকালত কুখ্যাত ড্ৰাগছ ব্যৱসায়ী ফখৰুদ্দিনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম নহ’ল।