গুৱাহাটী : দিছপুৰ আৰক্ষীৰ গুলী চালনা। দিছপুৰ আৰক্ষীৰ গুলীত আহত হৈছে ডকাইত অমৰ গোৱালা। আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলাইছিল ডকাইত অমৰ গোৱালা। কিছুদিন পূৰ্বে গুৱাহাটীত এক ডকাইতিকাণ্ড সংঘটিত কৰিছিল ডকাইতজন।
দিছপুৰ আৰক্ষীৰ গুলীত আহত হৈছে ইৰাণী গ্রুপৰ সদস্য ডকাইত অমৰ গোৱালা। আৰক্ষীৰ কবলৰ পৰা পলায়নৰ কৰাৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে ইৰাণী গ্রুপৰ সদস্যজনক লক্ষ্য কৰি গুলী চালনা কৰে। শুকুৰবাৰে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ডকাইতজনক।
চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ইৰাণী গ্রুপৰ দুধর্ষ ডকাইত অমৰ গোৱালাক। উল্লেখ্য যে কিছুদিন পূৰ্বে গুৱাহাটীত পিষ্টল দেখুৱাই ৪ লাখ টকা কাঢ়ি নিছিল ইৰাণী গ্রুপৰ চাৰিজন সদস্যই।
দিছপুৰ আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই ইৰাণী গ্রুপটোৰ এজন ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ অভিযানত জালত পৰা অমৰ গোৱালা নামৰ ডকাইতজন ঝাৰখণ্ডৰ বুলি জানিব পৰা গৈছে।
ঝাৰখণ্ডৰ পৰা অহা এটা চাৰিজনীয়া ইৰাণী গ্ৰুপৰ ডকাইতৰ দলে কিছুদিন পূৰ্বে পিষ্টল দেখুৱাই লুটি নিছিল ৪ লাখ টকা। গুৱাহাটী পৌৰ নিগমৰ কাৰ্যালয়ৰ পৰা চান্দমাৰীস্থিত এইচডিএফচি বেংকত টকা জমা দিবলৈ গৈ থকা এজন লোকৰ পৰা ডকাইতৰ দলটোৱে কাঢ়ি নিছিল টকাখিনি।
লগতে পঢ়ক : লালমাটিৰ আব্দুল কাদিৰৰ গেৰেজ ভস্মীভূত
ইৰাণী গ্রুপৰ ডকাইতৰ দলটোৱে চুপাৰমাৰ্কেট লাষ্টগেটত সংঘটিত কৰিছিল এই ডকাইতিকাণ্ড। চাৰিজনীয়া ডকাইতৰ দলটো দুখন বাইকত আহিছিল। এখন হিৰো গ্লেমাৰ আৰু হোণ্ডা হৰনেট বাইকত আহিছিল ডকাইতৰ দলটো। বাইক দুখন নম্বৰ প্লেট বিহীন আছিল। দলটোৰ তিনিজন সদস্য বৰ্তমানেও পলাতক অৱস্থাত আছে।